ETV Bharat / state

Arunachal Tourism stakeholders conclave : অসম-অৰুণাচল সীমান্তৱৰ্তী চিজুছাত পৰ্যটন বিভাগৰ কৰ্মশালা

author img

By

Published : Nov 30, 2022, 6:09 PM IST

পাক্কে টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত বন বিভাগৰ কাৰ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বিশেষ কৰ্মশালাৰ (Arunachal Tourism stakeholders conclave)। অৰুণাচল প্ৰদেশৰ চিজুচাত পৰ্যটনৰ ওপৰত গুৰুত্ব দি এই কৰ্মশালাৰ আয়োজন কৰা হৈছে ।

Tourism
চিজুছাত পৰ্যটন বিভাগৰ কৰ্মশালা

চতিয়া,৩০ নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাৰ অসম সীমান্তৱৰ্তী চিজুচাস্থিত পাক্কে টাইগাৰ ৰিজাৰ্ভৰ অন্তৰ্গত প্ৰেক্ষাগৃহত মঙলবাৰৰ পৰা আৰম্ভ হৈছে পৰ্যটনৰ ওপৰত বিশেষ কৰ্মশালাৰ । অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰাৰ উদ্দেশ্য আগত ৰাখি অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত ইতিমধ্যে পৰ্যটনৰ বিষয়ত কৰ্মশালা অনুষ্ঠিত হৈ আছে । তাৰেই অংশ হিচাপে অৰুণাচল প্ৰদেশৰ চিজুচাত পৰ্যটনৰ ওপৰত গুৰুত্ব দি এই কৰ্মশালাৰ আয়োজন কৰা হৈছে (Arunachal Tourism stakeholders conclave)।

চিজুছাত পৰ্যটন বিভাগৰ কৰ্মশালা

তিনিদিনীয়া কাৰ্যসূচীৰ সৈতে আয়োজন কৰা এই কৰ্মশালাত অৰুণাচল প্ৰদেশৰ ৭ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলে আগন্তুক তিনি দিনত অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বিভিন্ন দিশত গৱেষণামূলক পৰ্যালোচনা কৰিব (Tourism department Workshop in Seijosa)।

উল্লেখ্য যে ১২ নং পাকে কেছাং সমষ্টিৰ বিধায়ক বিওৰাম ৱাগেই আদৰণি ভাষণ প্ৰদান কৰি কৰ্মশালাৰ শুভ উদ্বোধন কৰে । ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে চিজুচাস্থিত পাকে টাইগাৰ ৰিজাৰ্ভৰ জীৱ-জন্তু, ধনেশ পক্ষী সংৰক্ষণ কৰাৰ লগতে পৰ্যটনৰ বাবে চিজুচাক সৰ্বাংগ সুন্দৰ হিচাপে গঢ় দিয়াৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে । কৰ্মশালাৰ সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে অৰুণাচল চৰকাৰ পৰ্যটন বিভাগৰ উপ সঞ্চালক বেনজিয়া মান্নই । তেওঁৰ ভাষণত অৰুণাচল প্ৰদেশৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন দিশৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য দিয়াৰ লগতে এই কৰ্মশালাৰ উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে ।

অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত উক্ত কৰ্মশালাত অৰুণাচল প্ৰদেশ পৰ্যটন বিভাগৰ কেইবাগৰাকীও উচচ পদস্থ বিষয়া উপস্থিত থাকে । উল্লেখ্য যে সভাত চিজুচাৰ অতিৰিক্ত উপায়ুক্ত টি আৰ টোপী, পৰ্যটন বিভাগৰ অতিৰিক্ত সঞ্চালক বেলজিয়াম মান্না, পৰ্যটন বিভাগৰ উপদেষ্টা আইজিং লাংচাসহ কেইবাগৰাকী পৰ্যটন আৰু বন বিভাগৰলোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :New education policy in Assam: নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.