তেজপুৰ,9 ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাৰ কিমিনত দুস্কৃতিকাৰীৰ গুলীচালনা । আহত হৈছে দুই যুৱক । কিমিনৰ বিএম নামৰ ৰেষ্টুৰেণ্টখনত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা । আহত যুৱকদ্বয় অসমৰ জয়ন্ত তাঁতী আৰু শিৱ মল্লিক বুলি জানিব পৰা গৈছে ৷
তথ্য় অনুসৰি, যুৱকদ্বয় উক্ত ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল । সোমবাৰে সন্ধিয়া 7 বজাত ৰেষ্টুৰেণ্টখনত কৰ্মৰত অৱস্থাত যুৱক দুজনক অচিনাক্ত দুৰ্বৃত্তই মুখত ক’লা মাস্ক পিন্ধি দুয়োজনৰ ওপৰত দুই ৰাউণ্ড গুলী চলাই উধাও হয় । আহত যুৱক দুজন বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে কিমিন সংযোগী অসমৰ পথ অৱৰোধ কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে ৷
লগতে পঢ়ক: মঙলবাৰে মৰাণত নিৰ্বাচনী ৰণশিঙা বজাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে