ETV Bharat / state

Arunachal Pradesh: চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য - BRO completes excavation work of Nechiphu Tunnel

অৰুণাচল প্ৰদেশত নিৰ্মীয়মাণ অৱস্থাত থকা নেচিফু সুৰংগৰ (Nechiphu Tunnel in Arunachal Pradesh) নিৰ্মাণৰ কাম ২০২২ ৰ ছেপ্টেম্বৰৰ ভিতৰতে সম্পূৰ্ণ কৰা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে (BRO completes excavation work of Nechiphu Tunnel)৷ শুকুৰবাৰে সুৰংগটোৰ অন্তিমটো বিস্ফোৰণ কৰা হয় ৷

Nechiphu Tunnel in Arunachal Pradesh
২০২২ ৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য
author img

By

Published : May 20, 2022, 4:48 PM IST

Updated : May 20, 2022, 8:03 PM IST

নেচিফু, ২০ মে': অৰুণাচলৰ পশ্চিম কামেং জিলাত নিৰ্মীয়মান অৱস্থাত থকা নেচিফু সুৰংগৰ(Nechiphu Tunnel in Arunachal Pradesh) অন্তিমটো বিস্ফোৰণ সম্পন্ন কৰা হয় ৷ ২০২২ ৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লোৱাৰ কথা অৱগত কৰিলে বৰ্ডাৰ ৰোডছ অৰগেনাইজেশ্বনৰ সঞ্চালক প্ৰধান লেঃ জেনেৰেল ৰাজীৱ চৌধুৰীয়ে (Border Roads Organisation)। প্ৰজেক্ট ভৰ্ত্তকৰ মুখ্য অভিযন্তা হৰিশ কুমাৰে ভাৰ্চুৱেলযোগে ৰিমৰ্টৰ বুটাম টিপি বিস্ফোৰণ ঘটাই বৰ্ডাৰ ৰোডছৰ বিষয়া-কৰ্মচাৰী সকলক সুৰংগৰ কামৰ গতি খৰতকীয়া কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে (BRO completes excavation work of Nechiphu Tunnel) ।

২০২২ ৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব নেচিফু সুৰংগৰ নিৰ্মাণকাৰ্য

উল্লেখ্য যে, সাগৰ পৃষ্ঠৰ পৰা ৫,৭০০ ফুট উচ্চতাত নিৰ্মাণ কৰি থকা সুৰংগটোৰ দৈৰ্ঘ ৫০০ মিটাৰ । সুৰংগটোৰ কাম সম্পূৰ্ণ হ'লে যাত্ৰীসকলে ৭ কিল’মিটাৰ দৈৰ্ঘৰ পথচোৱা ৩০ মিনিটতে পাৰ হ’ব পাৰিব । যাত্ৰীয়ে ডাঠ কুঁৱলীৰ মাজেৰে কৰি অহা কষ্টদায়ক যাত্ৰাৰ পৰাও পাব বহুখিনি সকাহ ।

অৰুণাচলৰ পশ্চিম কামেং জিলাত নিৰ্মাণকাৰ্য চলি থকা নেচিফু সুৰংগৰ আকাৰ ইংৰাজী বৰ্ণমালাৰ "D" আখৰটোৰ দৰে ৷ দুই লেনযুক্ত সুৰংগটোত সংলগ্ন থাকিব এটা নলা, উন্নত প্ৰযুক্তিৰ ৱাটাৰ প্ৰুফিং আৰু অগ্নি নিৰ্বাপকৰ ব্যৱস্থা ।

লগতে পঢ়ক: অৰুণাচলৰ নেচিফুত ভূমিস্খলন; আহত দুই সাংবাদিক

Last Updated : May 20, 2022, 8:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.