ETV Bharat / state

কাৰাগাৰতেই উত্তৰ-পূব সম্বন্ধে জ্ঞান প্ৰদান ইউটিউবাৰ পাৰশক

অৰুণাচলৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক নিনং এৰিঙৰ বিৰুদ্ধে বৰ্ণ বৈষম্যমূলক মন্তব্য কৰা লুধিয়ানাৰ ইউটিউবাৰ পাৰশ সিঙক কাৰাগাৰত প্ৰদান কৰা হৈছে উত্তৰ-পূবৰ ভৌগলিক জ্ঞান ৷ ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে অৰুণাচলৰ আৰক্ষী বিষয়া, বহু কেইগৰাকী অভিজ্ঞ লোক আৰু বিধায়ক নিনং এৰিঙে পাৰশক প্ৰদান কৰিছে উত্তৰ-পূব তথা অৰুণাচলৰ বিষয়ে সম্যক জ্ঞান ৷

author img

By

Published : Jun 4, 2021, 8:08 PM IST

paras singh learning general knowledge of north east
কাৰাগাৰতেই উত্তৰ-পূব সম্বন্ধিত জ্ঞান লাভ ইউটিউবাৰ পাৰশৰ

তেজপুৰ, 4 জুন : কাৰাগাৰত সাধাৰণতে কয়দীসকলৰ বাবে বিভিন্ন শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে কাৰাগাৰ কৰ্তৃপক্ষই ৷ প্ৰতিজন কয়দীকে তেওঁলোকে কৰা অপৰাধ অনুযায়ী শাস্তি বিহা পৰিলক্ষিত হয় ৷ কিন্তু কাৰাগাৰত কয়দীক শাস্তি হিচাপে শৈক্ষিক জ্ঞান প্ৰদান কৰা শুনিছেনে ?

কথাতে কোৱা হয়, অল্প বিদ্যা ভয়ংকৰী ৷ শেহতীয়াকৈ উত্তৰ-পূবক সমালোচনা কৰি পঞ্জাৱৰ লুধিয়ানাৰ এজন ইউটিউবাৰ আটক হোৱাৰ পাচতে এতিয়া কাৰাগাৰত ইউটিউবাৰ যুৱকজনক উত্তৰ-পূব সম্বন্ধে সাধাৰণ জ্ঞান প্ৰদান কৰিছে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে ৷ অৰুণাচল তথা উত্তৰ-পূব সম্পৰ্কে ভৌগলিক জ্ঞান নথকা পাৰশ সিং নামৰ 21 বছৰীয়া ইউটিউবাৰজনে 22 মে’ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক নিনং এৰিঙৰ বিৰুদ্ধে ইউটিউব চেনেলযোগে বৰ্ণ বৈষম্যমূলক মন্তব্য প্ৰদান কৰিছিল ৷ লগতে অৰুণাচল প্ৰদেশ চীনৰ অংশ বুলি কৈ দেশদ্ৰোহী মন্তব্য কৰিছিল ইউটিউবাৰজনে ৷

এই বৰ্ণ বৈষম্যমূলক মন্তব্যৰ পাচতে সামাজিক মাধ্যমত সৃষ্টি হয় হাহাকাৰ ৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অন্য শীৰ্ষ নেতৃত্বৰ নিৰ্দেশমৰ্মে পঞ্জাৱ আৰক্ষীৰ সহযোগত অৰুণাচল প্ৰদেশ আৰক্ষীয়ে আটক কৰে পাৰশ সিঙক ৷ সম্প্ৰতি কাৰাগাৰত বন্দী হৈ থকা পাৰশ সিঙক দিয়া হৈছে দৈনিক কাউঞ্চেলিং ৷ কাৰাগাৰৰ ভিতৰতে পাৰশক উত্তৰ-পূব তথা অৰুণাচল প্ৰদেশৰ বিষয়ে দিয়া হৈছে সম্যক জ্ঞান ।

অৰুণাচল প্ৰদেশৰ আৰক্ষী বিষয়া, বহু কেইগৰাকী অভিজ্ঞ লোকে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে দিছে ভৌগলিক জ্ঞান । এই তথ্য সদৰী কৰিছে বিধায়ক নিনং এৰিঙে । কাৰাগাৰত থকাৰ সময়ত আৰক্ষীয়েও ইউটিউবাৰ পাৰশক অৰুণাচল প্ৰদেশৰ ভিন্ন জনগোষ্ঠীৰ আৰু লোক-সংস্কৃতিৰ জ্ঞান অনলাইনযোগে প্ৰদান কৰা বুলি সদৰ আৰক্ষী অধীক্ষকে অৱগত কৰে । বিধায়ক এৰিঙে জনায় যে, তেওঁ নিজেও ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ইউটিউবাৰ পাৰশ সিঙক অৰুণাচল প্ৰদেশৰ বিষয়ে অৱগত কৰাইছে । উত্তৰত পাৰশে ভৱিষ্যতে এনে ভুল নকৰে বুলি বিধায়ক এৰিঙক প্ৰতিশ্ৰুতি দিয়ে ৷

আপছুৰ সভাপতি হাৱা বাগাঙৰ মন্তব্য

তদুপৰি, অল অৰুণাচল প্ৰদেশৰ ছাত্ৰ সন্থা (AAPSU)ৰ সভাপতি হাৱা বাগাঙে ইউটিউবাৰ পাৰশক আৰক্ষীৰ খোলা জীপত বহুৱাই অৰুণাচলৰ ভাৰত-চীন সীমান্ত পৰিদৰ্শন কৰাবলৈ আৰক্ষী তথা ন্যায়ালয়ক অনুৰোধ জনায় ৷ ইফালে ভাৰতৰ NCERT পাঠ্যক্ৰমত উত্তৰ-পূৰ্বাঞ্চলৰ বুৰঞ্জী, ভাষা, জীৱন-ধাৰণৰ প্ৰণালী, সম্পদ আৰু দেশপ্ৰেম বিষয়ক তথ্য অন্তৰ্ভুক্ত কৰিবলৈ টুইটাৰযোগে সমগ্ৰ উত্তৰ-পূৱবাসীয়ে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : নিনং এৰিঙৰ সমৰ্থনত উত্তৰ পূৱৰ ছাত্ৰ সমাজৰ ‘টুইটাৰ ষ্টৰ্ম’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.