ETV Bharat / state

Arunachal Police Operation : অৰুণাচল আৰক্ষীয়ে ধ্বংস কৰিলে নগা উগ্ৰপন্থীৰ শিবিৰ - Arunachal Police Operation

নগা উগ্ৰপন্থীৰ বিৰুদ্ধে অৰুণাচল আৰক্ষীৰ বৃহৎ অভিযান (Arunachal police operation against Naga militants)। চাংলাং জিলাত অভিযান চলাই আৰক্ষীয়ে ধ্বংস কৰে এটা শিবিৰ । যথেষ্ট পৰিমাণৰ মাৰণাস্ত্ৰও উদ্ধাৰ কৰে আৰক্ষীয়ে ।

Arunachal Police Operation
অৰুণাচল আৰক্ষীয়ে ধ্বংস কৰিলে নগা উগ্ৰপন্থীৰ শিবিৰ
author img

By

Published : Feb 23, 2023, 8:38 PM IST

তেজপুৰ, ২৩ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আৰক্ষীৰ বৃহৎ অভিযান (Arunachal police operation in Changlang district)। সীমান্তৱৰ্তী অঞ্চলটোত অভিযান চলাই অৰুণাচল আৰক্ষীয়ে নগা উগ্ৰপন্থীৰ এটা শিবিৰ ধ্বংস কৰে (Arunachal police destroyed Naga militants camp)। চাংলাং জিলাৰ আৰক্ষী অধীক্ষক মিহিন গম্বু আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ বিশেষ শাখাৰ অধীক্ষক ৰোহিত ৰাজীৱ সিঙৰ নেতৃত্বত চলিছিল এই অভিযান ।

এই অভিযানত লুংপক ৰাজহ চক্ৰৰ অধীনত থকা উগ্ৰপন্থী শিবিৰটোৰ পৰা আৰক্ষীয়ে যথেষ্ট সংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰে । এই অঞ্চলটো বিশেষকৈ ভাৰত ম্যানমাৰ সীমান্তত অৱস্থিত । ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপৰ চাংলাঙৰ ৰিমা পুটোক চক্ৰৰ লুংপাঙৰ অঞ্চলত বিদ্ৰোহীয়ে শিবিৰ দখল কৰাৰ এক বিশ্বাসযোগ্য তথ্য লাভ কৰাৰ লগে লগে বুধবাৰৰ পৰাই আৰক্ষীয়ে এই অভিযানৰ আৰম্ভ কৰে ।

Arunachal Police Operation
অৰুণাচল আৰক্ষীয়ে ধ্বংস কৰিলে নগা উগ্ৰপন্থীৰ শিবিৰ

আৰক্ষীয়ে বুধবাৰে সেই স্থানত ৫ জন সন্দেহযুক্ত উগ্ৰপন্থীক দেখা পোৱাৰ তথ্য সদৰী কৰে আৰু ইয়াৰ পাচত এই বিশেষ অভিযান আৰম্ভ কৰে বুলি চাংলাং জিলাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে । আনহাতে শিবিৰত আৰক্ষীয়ে অভিযান চলোৱাৰ উমান পোৱাৰ লগে লগে উগ্ৰপন্থীসকলে শিবিৰ পৰিত্যাগ কৰি পিছুৱাই যাবলৈ বাধ্য হয় । অভিযান সমাপ্ত হোৱাৰ পাচতে শিবিৰটোৰ প্ৰমাণ আৰু অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হয় (Arunachal Police recovered weapons in Changlang)।

আৰক্ষীয়ে এই অভিযানত এটা একে ৪৭ ৰাইফল, এটা এম-১৬ ৰাইফল, ১ টা হেণ্ড গ্ৰেণেড , এ কে ৪৭ৰ ৭.৬২ এম এম ৰাউণ্ড ১০৪ টা, ৫.৫৬ এম এম গুলী ২৩ টা, এ কে ৪৭ ৭.৬২ এম এম বাৰুদ মেগজিন ৪ টা, ৭.৫.৫৬ এম এম বাৰুদ মেগজিন ২ টা, চোকা অস্ত্ৰ ২ খন, যোগাযোগৰ বাবে ব্যৱহাৰ কৰা WT চেট আৰু চাৰ্জাৰৰ ১ টা ছেট, এন্থনী টাইডঙৰ নামত এখন পেন কাৰ্ড, সংস্থাৰ ৰেংক কেপ ১ টা আৰু লাইটাৰ ২০ টা উদ্ধাৰ কৰা হয় ।

Arunachal Police Operation
নগা উগ্ৰপন্থীৰ বিৰুদ্ধে অৰুণাচল আৰক্ষীৰ বৃহৎ অভিযান

অভিযানৰ পাচতে আৰক্ষীয়ে শিবিৰটোত অগ্নি সংযোগ কৰে আৰু আৰক্ষীৰ দলটোৱে শিবিৰটো সম্পূৰ্ণ ৰূপে ধ্বংস কৰি দিয়ে (Naga militants camp destroyed in Arunachal)। ইফালে ঘটনাস্থলীৰ উপযুক্ত ফটোগ্ৰাফ আৰু ভিডিঅ' আৰক্ষীয়ে মজুত কৰি ৰাখে । উল্লেখ্য যে, অৰুণাচল প্ৰদেশ আৰক্ষীৰ দ্বাৰা পৰিচালিত এইটোৱেই হৈছে প্ৰথম একক বিদ্ৰোহ বিৰোধী আক্ৰমণাত্মক অভিযান ।

লগতে পঢ়ক :Money demanding case: ধেমালিতে আলফা স্বাধীনৰ নামত ধন দাবী কৰি আটক এজন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.