ETV Bharat / state

ভাৰত-চীন সীমান্তৱৰ্তী সমষ্টি পৰিদৰ্শন অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ - ভাৰত-চীন সীমান্তৱৰ্তী সমষ্টি পৰিদৰ্শন অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

২৪ কিলোমিটাৰ পথ খোজকাঢ়ি পাহাৰৰ ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত টাৱাঙৰ লুগুথাং গাঁও ভ্ৰমণ কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ ২৪ কিলোমিটাৰ দুৰত্ব খোজকাঢ়ি,কেৱল এগৰাকী সুৰক্ষা বিষয়া লগত নি গাঁওবাসীৰ সমস্যা সন্দৰ্ভত মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ৷

পেমা খাণ্ডু
পেমা খাণ্ডু
author img

By

Published : Sep 11, 2020, 7:28 PM IST

তেজপুৰ, 11 ছেপ্তেম্বৰ: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে মেক মোহন লাইনৰ সমীপৰ নিজ গাঁও ভ্ৰমণ কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত-চীন সীমান্তৰ টাৱাঙৰ লুগুথাং গাঁও ভ্ৰমণ কৰে ৷ ২৪ কিলোমিটাৰ পথ খোজকাঢ়ি অতিক্ৰম কৰি তেওঁ পাহাৰৰ প্ৰায় ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত গাঁওখনত উপস্থিত হয় ৷ মাত্ৰ ১০ ঘৰ লোকৰ বসতিৰে ভৰা গাঁও খনৰ লোকসকলৰ সৈতে তেওঁ বাৰ্তালাপ কৰে ৷ উল্লেখ্য যে,সেই স্থানৰ লোকসকলে য়াক পালন কৰি জীৱন নিৰ্বাহ কৰি আছে ৷

২৪ কিলোমিটাৰ পথ খোজকাঢ়ি পাহাৰৰ ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত টাৱাঙৰ লুগুথাং গাঁও ভ্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে

গাঁওবাসীৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ অভাৱ অভিযোগ সমূহৰ বিষয়ে আলোচনা কৰে ৷ মুখ্যমন্ত্ৰী খাণ্ডুৱেই হৈছে একমাত্ৰ মুখ্যমন্ত্ৰী, যিয়ে ২৪ কিলোমিটাৰ দুৰত্ব খোজকাঢ়ি,কেৱল এগৰাকী সুৰক্ষা বিষয়া লগত নি গাঁওবাসীৰ সমস্যা সন্দৰ্ভত মত বিনিময় কৰে ৷

বৌদ্ধ ধৰ্মীয় মঠ
বৌদ্ধ ধৰ্মীয় মঠ "জাংচুব ষ্টুপা" পৰিদৰ্শন মুখ্যমন্ত্ৰী গৰাকীৰ

জানিব পৰা মতে,লুগুথাং অঞ্চল পোৱাৰ পূৰ্বে ১৬,০০০ ফুট উচ্চতাৰ কৰূপো-লা নামৰ পাহাৰ এখন অতিক্ৰম কৰিব লাগে ৷ খাণ্ডুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চল মেক মোহন লাইন আৰু তিব্বত স্বায়ত্ব শাসিত অঞ্চলৰ সীমান্তৱৰ্তী এলেকা ৷ সমগ্ৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে নিজ টুইটাৰযোগে প্ৰকাশ কৰে ৷ ভ্ৰমণৰ সময়ত তেওঁৰ পিতৃ দৰ্জী খাণ্ডুৰ স্মৃতিৰ লগত সংগতি থকা বৌদ্ধ ধৰ্মীয় মঠ "জাংচুব ষ্টুপা" পৰিদৰ্শন কৰি গাঁওবাসীৰ সৈতে টাৱাং বৌদ্ধ বিহাৰৰ মনপা লগত লৈ ধৰ্মীয় প্ৰাৰ্থনা জনায় ৷

সীমান্তৱৰ্তী সমষ্টি পৰিদৰ্শন অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

লগতে পঢ়ক: অনিশ্চয়তাৰ দিশে সাংস্কৃতিক সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.