তেজপুৰ, ২৩ ডিচেম্বৰ : অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বৃহস্পতিবাৰে কিমিনৰ চেণ্টাৰ অব এক্সেলেঞ্চ ফৰ বায়’ৰিছ’ৰ্চেছ এণ্ড চাষ্টেইনেবল ডেভেলপমেণ্টত অত্যাধুনিক এক্স চিটু অৰ্কিড সংৰক্ষণ কেন্দ্ৰ উদ্বোধন কৰে (Arunachal CM Inaugurates Orchid Conservatory)। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ জৈৱ প্ৰযুক্তি বিভাগ (DBT)ৰ আৰ্থিক সহায়ত অৰুণাচল প্ৰদেশ ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদ, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ তত্বাৱধানত এই সংৰক্ষণ কেন্দ্ৰটো স্থাপন কৰা হৈছে ।
উত্তৰ-পূবৰ এয়া প্ৰথমটো সংৰক্ষণ কেন্দ্ৰ (NE first Orchid Conservatory)। খাণ্ডুৱে কেন্দ্ৰটোত নিয়োজিত বিজ্ঞানীসকলক অভিনন্দন জনোৱাৰ লগতে প্ৰায় অনুৰ্ব্বৰ ভূমিখিনিক এক সজীৱ আৰু সেউজ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টাৰ বাবে শলাগ লয় ।
তেওঁ কয় যে এই নতুন অৰ্কিডেৰিয়ামৰ সৈতে এই কেন্দ্ৰই অতি মূল্যৱান প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ আৰু প্ৰসাৰণৰ দিশত কাম কৰি আছে লগতে অৰ্কিড ভিত্তিক উদ্যোগীকৰণৰ বিকাশৰ দিশতো কাম কৰি আছে । অৰুণাচল প্ৰদেশৰ গ্ৰাম্য অঞ্চলত অৰ্কিড ভিত্তিক উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে গাঁৱে-ভূঞে চেটেলাইট ইউনিটৰ লগতে নিৰ্দিষ্ট কিছুমান অৰ্কিডৰ প্ৰজাতিৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে অহৰহ কাম কৰি থকা কেন্দ্ৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ উল্লেখ কৰা মতে কেন্দ্ৰটোৱে ইয়াৰ মূল্য সংযোজন বৃদ্ধিৰ বাবে অৰ্কিড জাৰ্মপ্লাজম সংৰক্ষণ, অৰ্কিডৰ উদ্ভিদ প্ৰসাৰণ আৰু অৰ্কিডৰ মাইক্ৰ’ প্ৰসাৰণ কৰি আছে ।
খাণ্ডুৱে কৃষকসকলক উদ্দেশ্যি কয় যে ৰাজ্যখনত এনে বিশ্বমানৰ সুবিধা থকাৰ বাবে এতিয়া সকলোৰে গুৰুত্ব ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকৰ বাবে অৰ্কিডৰ ৰাজহ আহৰণকাৰী মডেলৰ সম্ভাৱনাৰ ওপৰত হ’ব লাগে (Arunachal CM on Orchid Conservatory)। ৰাজ্যখনক আত্মনিৰ্ভৰশীলতাৰ পথত আগুৱাই নিবলৈ কৃষকসকলে বৈজ্ঞানিক ভিত্তিক গৱেষণামূলক কাম-কাজত অধিক গুৰুত্ব দিয়া উচিত বুলিও তেওঁ কয় ।
কৃষকসকলে ইয়াৰ পৰা লাভৱান হ’ব পৰাকৈ ইয়াৰ সম্পদৰ বাবে ব্যৱসায়িক আৰ্হি গঢ়ি তুলিবলৈ বিজ্ঞানীসকলক উৎসাহিত কৰাৰ সমান্তৰালভাৱে তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে ইয়াৰ জীৱিকাৰ বাবে শীঘ্ৰে সংৰক্ষণ কেন্দ্ৰটো নিজৰ হাতলৈ আনিব কিয়নো ইয়াক প্ৰজেক্ট মোডত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৩ বছৰৰ বাবে স্থাপন কৰা হৈছে । ৬০০ বৰ্গমিটাৰৰ এই কেন্দ্ৰটোত প্ৰায় ৬০০ বিধ অৰ্কিড আছে । যাৰ অৰ্থনৈতিক গুৰুত্ব যথেষ্ট বেছি ।
অৰ্কিডেৰিয়ামৰ প্ৰাথমিক দিশ হ’ল অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ প্ৰজাতিৰ অৰ্কিডৰ সংৰক্ষণৰ লগতে বংশবৃদ্ধি কৰা আৰু এইদৰে ৰাজ্যখনৰ স্থানীয় জনসাধাৰণক অৰ্কিড ভিত্তিক উদ্যোগীকৰণৰ উদ্যোগ গঢ়ি তোলাৰ বাবে অৰ্থনৈতিক পথ মুকলি কৰা ।
ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ কিমিন, জিৰ’, ডিড, পাছিঘাট আৰু নামছাইত ৮০ বৰ্গমিটাৰকৈ অৰ্কিড উৎপাদন ইউনিট স্থাপন কৰিছে । প্ৰত্যেকতে ৩৫০ বিধ বাণিজ্যিক অৰ্কিড আৰু ৰোপণ সামগ্ৰী আৰু সঁজুলি আছে । ইয়াৰ উপৰিও ই চিকিমৰ পাকয়ং আইচিএআৰ-এনআৰচিঅ’য়ে কাৰিকৰী নিৰ্দেশনা, পৰামৰ্শ আৰু অৰ্কিড ভিত্তিক গৱেষণা গ্ৰহণৰ বাবে সহযোগিতা আগবঢ়াইছে । ইতিমধ্যে ছিকিমৰ পাকয়ঙত কৃষক আৰু কাৰিকৰী কৰ্মচাৰীৰ বাবে অৰ্কিড খেতিৰ বিভিন্ন দিশৰ ওপৰত দুটাকৈ কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।
দক্ষিণ ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ সহযোগত অৰুণাচল প্ৰদেশৰ নিৰ্বাচিত জিলাসমূহত সুগন্ধি শস্য আৰু কলৰ আঁহ নিষ্কাশন আৰু প্ৰক্ৰিয়াকৰণ ইউনিটৰ খেতি প্ৰসাৰিত কৰাৰ বাবে কেম্পাছত সুগন্ধি ডিষ্টিলেচন আৰু প্ৰচেছিং ইউনিট স্থাপন কৰিছে । ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশৰ ঔষধি, সুগন্ধি, ফেন উৎপাদনকাৰী উদ্ভিদ সম্পদৰ ওপৰত বায়’-প্ৰস্পেক্টিং আৰু ট্ৰেন্সলেচনেল প্ৰডাক্ট ডেভেলপমেণ্ট গৱেষণাৰ কাম কৰি আছে ।
২০১৬ চনৰ ২২ ডিচেম্বৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰিছিল । ২০১৮ চনৰ ২২ ডিচেম্বৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কেন্দ্ৰটোৰ অস্থায়ী ভৱনটো উদ্বোধন কৰে । অৱশেষত ২০২১ চনৰ ৯ নৱেম্বৰত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কেন্দ্ৰটোৰ স্থায়ী আৰু বহুমহলীয়া ভৱনটো উদ্বোধন কৰে ।
খাণ্ডুৰ সৈতে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী হোঞ্চুম ঙাণ্ডাম, গৃহমন্ত্ৰী বামাং ফেলিক্স, ৰাজ্যসভাৰ সাংসদ নবাম ৰেবিয়া, স্থানীয় বিধায়ক তানা হালি তাৰা, ৰাজ্যিক বিজ্ঞান আৰু প্ৰযুক্তি পৰিষদৰ অধ্যক্ষ বামাং মাংহা, মুখ্য সচিব ধৰ্মেন্দ্ৰও উপস্থিত থাকে ।
লগতে পঢ়ক :Migratory birds in Assam : আলহী পক্ষীৰ কলৰৱৰে মুখৰিত জামুগুৰিহাটৰ মণ্ট পুখুৰী