তেজপুৰ, 12 মাৰ্চ: প্ৰচণ্ড তুষাৰপাতৰ ফলত পূব ছিকিমত আবদ্ধ হৈ পৰা 370 গৰাকী পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ ৷ শনিবাৰে তুষাৰপাতৰ বাবে আবদ্ধ হৈ পৰিছিল এই 370 গৰাকী পৰ্যটক ৷ এক বিবৃতিযোগে ভাৰতীয় সেনাই সদৰী কৰিছে এই কথা (Army Rescued tourist in East Sikkim) ৷
প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে জনোৱা অনুসৰি 11 মাৰ্চৰ বিয়লি ছিকিমত প্ৰচণ্ড তুষাৰপাত হয় ৷ যাৰবাবে নাথু লা আৰু টছমগো (চাংগু) হ্ৰদৰ পৰা উভতি অহা প্ৰায় 400 পৰ্যটকৰ সৈতে প্ৰায় 100 খন বাহন আবদ্ধ হৈ পৰে ৷ আবদ্ধ হৈ পৰা এই লোকসকলক দেওবাৰে উদ্ধাৰ কৰে ভাৰতীয় সেনাই (Tourist rescued by Army) ৷
আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ সহযোগত ত্ৰিশক্তি কৰ্পছৰ সৈন্যই (Troops of Trishakti Corps) ‘OPERATION HIMRAHAT’ নামেৰে দেওবাৰে চলাইছিল এই উদ্ধাৰ অভিযান ৷ আনহাতে 11 মাৰ্চৰ গভীৰ নিশালৈকে সাহায্য আৰু চিকিৎসা প্ৰদান অভিযান অব্যাহত ৰাখিছিল সেনাই ৷
পৰ্যটকসকলক উদ্ধাৰ কৰি নিৰাপদ অঞ্চললৈ লৈ যোৱাৰ লগতে আশ্ৰয়, গৰম কাপোৰ, চিকিৎসা সাহায্য আৰু গৰম খাদ্যৰ ব্যৱস্থা কৰা হয় ৷ সেনাই উদ্ধাৰ কৰা লোকসকলৰ ভিতৰত আছিল 178 গৰাকী পুৰুষ, 142 গৰাকী মহিলা আৰু 50 টি শিশু ৷ ইফালে, গ্ৰীফৰ(GREF) সহায়ত দেওবাৰে পুৱা পথ মুকলি কৰাৰ পাচতেই লোকসকল গেংটকলৈ আহিবলৈ অনুমতি প্ৰদান কৰে ৷ পুৱা 9 বজাৰ পৰা আবদ্ধ পৰ্যটকসকলে আৰম্ভ কৰে যাত্ৰা (Indian Army rescued tourist from Sikkim) ৷
আবদ্ধ হৈ পৰা যাত্ৰীসকলক উদ্ধাৰৰ বাবে সেনাই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ছিকিমৰ পৰ্যটন বিভাগে ৷ উল্লেখ্য যে, অত্যন্ত শীতৰ মাজতো ভাৰতীয় সেনাই যিকোনো সময়তে পৰ্যটক আৰু স্থানীয় লোকসকলৰ সহায়ৰ বাবে সষ্টম হৈ থাকে ৷
লগতে পঢ়ক: BSF fires at Pak drone : ড্ৰোণৰ জৰিয়তে পাকিস্তানে ভাৰতলৈ সৰবৰাহ কৰিছে ড্ৰাগছ