তেজপুৰ,১৯ ছেপ্টেম্বৰ : মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া ২১ শতিকাৰ ভাৰতৰ হিমালয়ৰ পাদদেশৰ এখন ৰাজ্য ,য’ত ঢুকি পোৱা নাই অত্যাধুনিক প্ৰযুক্তিয়ে । তেনেসময়তে ভাৰতীয় সেনাবাহিনীয়ে পশ্চিম অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ মাগু- চুনাও নামৰ এখন গাঁৱত গাঁও বাসীৰ সুবিধাৰ্থে ব্যৱস্থা কৰিছে এটা পি চি অ’ ,পাবলিক কল অফিচ ।
![telephone service](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-19sept-805-pix-armytelephoneservice-pranabkumardas-7203907_19092020202131_1909f_1600527091_418.jpg)
পূব কামেং জিলাৰ মাগু- চুনাও অঞ্চলত ২৮ কিলোমিটাৰ দূৰত্বৰ পৰা কোনো যোগাযোগৰ সুবিধা নাই । ২৮ কিলোমিটাৰ নিলগত মাত্ৰ টেলিফোন সংযোগ ব্যৱস্থা আছে যদিও সংযোগ স্থাপন কৰিবলৈ বহু অসুবিধা হয় । কামেং সীমান্ত ভাৰতৰ এক জৰুৰী অঞ্চল ।
![telephone service](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-19sept-805-pix-armytelephoneservice-pranabkumardas-7203907_19092020202131_1909f_1600527091_55.jpg)
১৯৬২ চনত ভাৰত চীনৰ যুদ্ধত এই কামেং সীমান্তত চীনা সৈন্যই আধিপত্য বিস্তাৰ কৰিছিল । সেনাবাহিনীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল এই সীমান্ত । কিছুদিন আগতে প্ৰতিৰক্ষা বিভাগে সীমান্তৱৰ্তী অঞ্চলত অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সহায়ত ভাৰত চীনৰ বিভিন্ন সীমান্তত মোবাইল নেটৱৰ্ক সংযোগ কৰিছিল ।
![telephone service](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-19sept-805-pix-armytelephoneservice-pranabkumardas-7203907_19092020202131_1909f_1600527091_129.jpg)
বৰ্তমান এই পিছপৰা অঞ্চলত সেনা বাহিনীৰ তৰফৰ পৰা গাঁওবাসীৰ সুবিধাৰ্থে এই টেলিফোন সেৱা আগবঢ়াই । সেনাবাহিনীয়ে দিয়া এই সুবিধাৰ বাবে গাঁওবাসী উৎফুল্লিত বুলি জনায় প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ পি শুংচাই ।
লগতে পঢ়ক : ধৰ্মপুৰৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ ইচ্ছা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° শিখৰ কুমাৰ শৰ্মাৰ