তেজপুৰ,২১ মে' : ভাৰতীয় সেনা বাহিনীয়ে কৰ'ণা ভাইৰাছ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ ভিতৰুৱা টাস্কিনত অঞ্চলৰ লিমকিং চক্ৰত কিছু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে ৷
সেনাবাহিনীৰ এটা চিকিৎসকৰ দলে এগৰাকী মহিলা চিকিৎসকৰ তত্ববধনাতাত ৰাজহ চক্ৰটোত ঘৰে ঘৰে চিকিৎসা সামগ্ৰী বিতৰণ কৰে আৰু মহামাৰী COVID-19ৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷
লগতে প্ৰত্যেক ঘৰতে প্ৰয়োজনীয় খাদ্য সামগ্ৰী আৰু চিকিৎসা সামগ্ৰী বিতৰণ কৰে দলটোৱে ৷ প্ৰত্যেক ব্যক্তিকে মাস্ক আৰু হেণ্ড গ্লোভচ প্ৰদান কৰে ৷
আনহাত, উজনি সোৱশিৰি জিলাৰ উপায়ুক্তই সেনাৰ এই পদক্ষেপক আদৰণি জনায় আৰু সেনাৰ চিকিৎসা বিভাগে দিয়া পৰামৰ্শ মানি চলিবলৈ আহ্বান জনায় ৷