ETV Bharat / state

ANUR Trailer Released: তেজপুৰৰ বাণ থিয়েটাৰত অনুৰ ছবিৰ ট্ৰেইলাৰ মুকলি - Manjul Baruah film ANUR

২১ সংখ্যক ঢাকা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, মেঘালয় আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু নতুন দিল্লীৰ অসমীয়া-বাংলা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱা তেজপুৰৰ শিৱম ক্ৰিয়েচনৰ 'অনুৰ' চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মঙলবাৰে সন্ধিয়া তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ বিদ্বৎ সমাজ আৰু 'অনুৰ'ৰ গৰিষ্ঠসংখ্যক কুশীলৱৰ উপস্থিতিত মুকলি কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

ANUR
ANUR
author img

By

Published : Nov 16, 2022, 12:48 PM IST

Updated : Nov 16, 2022, 1:15 PM IST

তেজপুৰ, ১৬ নৱেম্বৰ : মুক্তিৰ পূৰ্বেই দেশ-বিদেশৰ চাৰিখনকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত তেজপুৰৰ শিৱম ক্ৰিয়েচনৰ চলচ্চিত্ৰ 'অনুৰ'ৰ ট্ৰেইলাৰ তেজপুৰ বান থিয়েটাৰত মুকলি কৰা হয় (ANUR trailer released in Tezpur Ban Theatre) । বলিউডৰ এগৰাকী ছিৰিয়াছ অভিনেতা ৰজত কাপুৰে (Bollywood actor Rajat Kapoor) মূল চৰিত্ৰত অভিনয় কৰা ছবিখন অসমৰ বিশিষ্ট গল্পকাৰ-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ (Anuradha Sarma Pujari) 'ভালপোৱাৰ সময়' নামৰ বিখ্যাত গল্পটোৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।

তেজপুৰৰ বাণ থিয়েটাৰত অনুৰ ছবিৰ ট্ৰেইলাৰ মুকলি

আনহাতে, যুৱপ্ৰজন্মৰ এগৰাকী দক্ষ চলচ্চিত্ৰ পৰিচালক মঞ্জুল বৰুৱাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত ছবিখনৰ সংগীত পৰিচালনা তৰালী শৰ্মাৰ (Manjul Baruah film ANUR) । উল্লেখ্য, মুক্তিৰ পূৰ্বেই বহুল চৰ্চিত আৰু ২৭ সংখ্যক কেৰালা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ শ্ৰেষ্ঠ ৭ খন ছবিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে 'অনুৰ' (Kerala international film festival) ।

লগতে ২১ সংখ্যক ঢাকা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, মেঘালয় আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু নতুন দিল্লীৰ অসমীয়া-বাংলা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱা তেজপুৰৰ শিৱম ক্ৰিয়েচনৰ 'অনুৰ' চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মঙলবাৰে সন্ধিয়া তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ বিদ্বৎ সমাজ আৰু 'অনুৰ'ৰ গৰিষ্ঠসংখ্যক কুশীলৱৰ উপস্থিতিত মুকলি কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

উল্লেখ্য যে ছবিখনত ৰাজ্যখনৰ দক্ষ চিনেমাটোগ্ৰাফাৰ সুমন দুৱৰাই দৃশ্যগ্ৰহণ কৰাৰ লগতে বিশিষ্ট ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ কষ্টিউম, অসম গৌৰৱ অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইৰ শব্দ ডিজাইন, তীব্ৰজ্যোতি বৈৰাগীৰ ৰূপসজ্জা, টোৱেইন চাঙৰ সম্পাদনা, পণজিৎ চাংমাইৰ কলা নিৰ্দেশনা কৰাৰ উপৰিও লোকেচন ছাউণ্ডৰ কাম কৰিছে দেৱজিৎ গায়নে ।

আনহাতে, ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম, উদয়ন দুৱৰা, বলোৰাম দাস, অমূল্য কাকতি, বিভূতিভূষণ হাজৰিকা, বিদ্যা ভাৰতী, ৰাজশ্ৰী শৰ্মা, কুল কুলদ্বীপকে ধৰি অসমৰ একাংশ নিৰ্বাচিত অভিনয় শিল্পীয়ে । 'অনুৰ' চলচ্চিত্ৰৰ মঙলবাৰে সন্ধিয়া ট্ৰেইলাৰ মুকলি অনুষ্ঠানটিত উদীয়মান সংগীত শিল্পী ৰুদ্ৰাক্ষ বিভূষণৰ বাঁহীবাদনৰ দ্বাৰা মংগলাচৰণৰ মাজত বন্তি প্ৰজ্বলন কৰে ক্ৰমে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ বীৰেন দাসে ।

বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত চলচ্চিত্ৰখনত অভিনয় কৰা বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগমে আদৰণী ভাষণ প্ৰদান কৰাৰ পিছতেই বিধায়ক তথা অভিনেতা পৃথ্বিৰাজ ৰাভা, বংকিম শৰ্মা, পৰিচালক মঞ্জুল বৰুৱা, প্ৰয়োজক ডাঃ গোপেন্দ্ৰ মোহন দাসেও ভাষণ প্ৰদান কৰে । লগতে উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত নতুন সংযোজন তেজপুৰৰ 'অনুৰ' এ বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰে ।

চলচ্চিত্ৰখনৰ সৈতে জড়িত সকলোকে মঞ্চত তেজপুৰীয়া ৰাইজৰ সন্মুখত পৰিচয় কৰাই সকলোৰে লগত অন্তৰঙ্গ আলাপেৰে জীপাল কৰি তোলা অনুষ্ঠানৰ মাজতেই সংগীত পৰিচালনাৰ দায়িত্বত থকা বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাই 'অনুৰ'ৰ সৈতে অতি একাত্ম হৈ কাম কৰা বুলি ব্যক্ত কৰে । লগতে অনুৰাধা শৰ্মা পূজাৰীৰ সুন্দৰ গল্পটোৰ আধাৰত নিৰ্মিত 'অনুৰ'ৰ কাহিনীয়ে সকলো দৰ্শকৰে অন্তৰ চুই যাবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে ।

আনহাতে, মঞ্জুল বৰুৱা এগৰাকী অতি ছিৰিয়াছ পৰিচালক বুলি মন্তব্য কৰি তেওঁ সংগীত পৰিচালনাৰ ক্ষেত্ৰত চলচ্চিত্ৰখনৰ সকলো পৰিয়ালৰ লগত একাত্ম হৈ কাম কৰা বুলিও মন্তব্য কৰে । একেদৰে বিশিষ্ট ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গেও 'অনুৰ' এখন অনন্য ছবি বুলি মন্তব্য কৰে । অহা ২৭ জানুৱাৰীত অসমৰ সকলো ছবিগৃহতে চলচ্চিত্ৰখনে মুক্তি লাভ কৰিব ।

লগতে পঢ়ক :Zubin Garg Birthday: ৫০ বছৰীয়া জন্মদিন উদযাপনৰ বাবে যোৰহাটত জুবিন গাৰ্গ

Last Updated : Nov 16, 2022, 1:15 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.