ETV Bharat / state

Zubeen Garg Controversy: জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ নোসোমোৱাবলৈ আহ্বান আঙুৰলতাৰ - AJP

জুবিন গাৰ্গক ৰাজনৈতিৰ মাজত সোমোৱাব নালাগে, তেওঁ যি ধৰণেৰে আছে তেনে ধৰণেৰে থাকিবলৈ দিয়ক ৷ - আঙুৰলতা

Zubeen Garg Controversy
জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ নোসোমোৱাবলৈ আহ্বান আঙুৰলতাৰ
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 3:39 PM IST

জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ নোসোমোৱাবলৈ আহ্বান আঙুৰলতাৰ

তেজপুৰ, ২৯ আগষ্ট : অসম জাতীয় পৰিষদক ফটুৱা পাৰ্টী বুলি কোৱাৰ পিচতে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ পিচতে জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গক কঠোৰ সমালোচনা কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই ৷

মঙলবাৰে তেজপুৰত মহিলা মৰ্চাৰ বর্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতাই কয় যে, জুবিন গাৰ্গৰ গীত সৰুৰে পৰাই শুনি আহিছো ৷ তেওঁৰ গীতত যুৱ প্ৰজন্মৰ বাবে এক প্ৰেৰণা আৰু বাৰ্তা প্ৰেৰণ কৰাৰ লগতে উদ্বুদ্ধ কৰে । জুবিন গাৰ্গক ৰাজনীতিৰ মাজত সোমোৱাব নালাগে, তেওঁ যি ধৰণেৰে আছে তেনে ধৰণেৰে থাকিবলৈ দিয়ক ৷ ইফালে সামাজিক মাধ্যম যোগে ৰাজ্যত মহিলা সুৰক্ষিত নহয় বুলি ওলোৱা প্ৰচাৰ ভুৱা বুলি কয় বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই ।

উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে জুবিন গাৰ্গে মন্তব্য প্ৰকাশ কৰিছিল । কটন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদক সমালোচনা জুবিন গাৰ্গে কৈছিল যে, – ‘‘আই এম এ ছচিঅ’ লেফটিষ্ট, বিজেপিও নহয়, কংগ্ৰেছো নহয়, এজিপিও নহয়… আৰু এটা কি ওলাইছিল নতুন যে ওলাইছিল, কি নাম, কিবা ফটুৱা পাৰ্টী এটা যে কি নাম… এজেপি, মোৰ লগত কা আন্দোলন কৰি পিচত পাৰ্টী খুলিছে ৷’

ইয়াৰোপৰি জুবিন গাৰ্গে কটন বিশ্ববিদ্যালয়ৰ অনুষ্ঠানটোত যোগদান কৰি ছাত্ৰ–ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। অৱশ্যে জুবিন গাৰ্গৰ এই মন্তব্যৰ পিচতে ৰাজ্যখনৰ বিভিন্ন দল সংগঠনৰ নেতাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ ডিব্ৰুগড়ত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লুৰীণজ্যোতি গগৈক নিজৰ অটল স্থিতিত বৰ্তি থাকিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: Zubeen Garg controversy: অজাপক এটা ফটুৱা দল আখ্যা 'ছ’চিয়েল লেফ্টিষ্ট’ জুবিন গাৰ্গৰ; ৰিহেব চেন্টাৰ বিচাৰিছে দুলু আহমেদে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.