ETV Bharat / state

এগৰাকী অখ্যাত আদি জনজাতীয় যোদ্ধাৰ কাহিনী

author img

By

Published : Aug 25, 2022, 1:13 PM IST

আজিৰ প্ৰতিবেদনত এগৰাকী সাহসী বীৰ যোদ্ধাৰ বিষয়ে জনাব খুজিছোঁ । তেওঁ আছিল এংলো-আবৰ যুদ্ধৰ যোদ্ধা (Anglo Abor freedom fighter) মাতমৰ জামোহ (Freedom fighter Matmor Jamoh) । এইগৰাকী সাহসী যোদ্ধাই অঘোষিত মৃত্যুবৰণ কৰিছিল আন্দামানৰ ক'লীয়াপানীত । অৰ্থাৎ যাক চেলুলাৰ কাৰাগাৰ (celular Jail of Andaman) বুলি জনা যায় ।

Anglo Abor
Anglo Abor

তেজপুৰ, ২৫ আগষ্ট : এজন ব্যক্তিৰ নামেৰে পৰিয়ালৰ পাঁচটা পুৰুষৰ নাম (Names of 5 generation after one person) । শুনিলে আচৰিত লাগিলেও সেয়া সত্য । এগৰাকী স্বাধীনতা সংগ্ৰামীৰ নামৰে অজিও তেওঁৰ আজোনাতিয়ে উক্ত নামকে ব্যৱহাৰ কৰি আহিছে তেওঁৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ।

ভাৰতৰ স্বাধীনতাৰ পূৰ্বে (pre independence of India) উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত বিভিন্ন বিক্ষিপ্ত ঘটনা-পৰিঘটনা সংঘটিত হৈছিল । তাৰ ভিতৰত বহু ঘটনা সময়ে সময়ে বিভিন্ন মাধ্যমৰ যোগেদি পোহৰলৈ আহিছে । অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত সেই সময়ৰ ব্ৰিটিছ শাসনৰ সময়ত শদিয়া ডিভিজনত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বহুতো ঘটনাৰ সাক্ষী আজিৰ চিয়াং, পূব চিয়াং, পাচিঘাট আদি অঞ্চল (freedom fighters of Aunachal Pradesh) ।

এংলো আৱৰ যুদ্ধৰ কাহিনী
এংলো আৱৰ যুদ্ধৰ কাহিনী

আমাৰ আজিৰ প্ৰতিবেদনত এগৰাকী সাহসী বীৰ যোদ্ধাৰ বিষয়ে জনাব খুজিছোঁ । তেওঁ আছিল এংলো-আবৰ যুদ্ধৰ যোদ্ধা (Anglo Abor freedom fighter) মাতমৰ জামোহ (Freedom fighter Matmor Jamoh) । এইগৰাকী সাহসী যোদ্ধাই অঘোষিত মৃত্যুবৰণ কৰিছিল আন্দামানৰ ক'লীয়াপানীত । অৰ্থাৎ যাক চেলুলাৰ কাৰাগাৰ (celular Jail of Andaman) বুলি জনা যায় । কিন্তু তাতো তেওঁৰ অন্তিম দিনবোৰৰ তথ্য খুব কম উপলব্ধ থকাৰ কথা জানিব পৰা যায় ।

1911-12 চনৰ আবৰ অভিযান নামৰ এক তীব্ৰ অভিযানৰ সন্মুখীন হৈ ব্ৰিটিছ বাহিনীৰ হাতত ধৰা পৰে এই মাতমৰ জামোহ (Anglo Abor war) । দুজন ব্ৰিটিছ উচ্চ পদস্থ বিষয়াক হত্যাৰ ঘটনাৰ বিষয়ে বৰ্ণনা কৰি বৰ্তমান পাচিঘাটত থকা তেওঁৰ আজোনাতিয়ে (মাতমৰ জামোহ) ই টিভি ভাৰতক (E TV Bharat) কয় যে ১৯০৯ চনত কৰ্ণেল ডি এম লামচডেন আৰু ৰেভ ডব্লিউ এল বি জেকছনৰ সৈতে উইলিয়ামছনে চিয়াং জিলাৰ কেবাং গাঁও পৰিদৰ্শন কৰিছিল (in 1909 williamson accompanied by Col DM Luumsden and Rev WLB Jackson) ।

মাতমৰ জামোহ
মাতমৰ জামোহ

শদিয়ালৈ উভতি অহাৰ সময়ত তেওঁলোকে কেমি টলনত (Kemi Token, বৰ্তমান য়াগ্ৰুং নামেৰে জনাজাত) ৰোৱাৰ পৰিকল্পনা কৰিছিল । সেই অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ য়াগ্ৰুং গাঁৱৰ মুৰব্বী জামোহলৈ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছিল বুলি তেওঁৰ আজোনাতি জামোহে জানিবলৈ দিয়ে । "কিন্তু তেওঁৰ সংগ্ৰামী সত্তাই এই কথা মানিবলৈ অস্বীকাৰ কৰিছিল ।

কিয়নো তেওঁ ব্ৰিটিছৰ আধিপত্য আৰু শ্বেতাংগ মানুহৰ অন্য সাধাৰণ লোকৰ জীৱনত হস্তক্ষেপ কৰাটো পচন্দ কৰা নাছিল । আৰু তেতিয়াই নিঅ'ল (Neol) উইলিয়ামছনে গাঁওবাসীৰ সন্মুখতে জামোহক অপমান কৰে আৰু এটা চৰ শোধায় ।" তেওঁৰ নাতিয়ে কয় । দুবছৰৰ পিছত 1911 চনৰ 20 মাৰ্চত, চিকিৎসা বিষয়া ডাঃ গ্ৰেগৰচন (Dr Gregorson)ৰ সৈতে উইলিয়ামছনে কমচিঙলৈ যোৱাৰ পথত পাচিঘাট পুনৰ পৰিদৰ্শন কৰে ।

কিন্তু চিচানত বেছিভাগ বনুৱা অসুস্থ হৈ পৰাৰ ফলত গ্ৰেগৰচন ৰখি যায় আৰু উইলিয়ামছন কমচিঙলৈ আগবাঢ়ি যায় । তথ্য মতে, জামোহে স্থানীয় যুৱক যোদ্ধাসকলক একত্ৰিত কৰে আৰু ব্ৰিটিছ দলটোক অভিযানৰ জৰিয়তে প্ৰতিৰোধ কৰাৰ সিদ্ধান্ত লয় ।কাৰণ তেওঁলোকে 'অহংকাৰী' ব্ৰিটিছসকলক এটা পাঠ শিকোৱাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল (British ruled in India) ।

তেওঁলোকে চিচেন আৰু কমচিঙত দুটা গোটত উইলিয়ামছন আৰু গ্ৰেগৰচনক অনুসৰণ কৰিছিল । ১৯১১ চনৰ ৩১ মাৰ্চ তাৰিখে কেবাং, পাংগী আৰু চিচেন গাঁৱৰ জামোহে নিযুক্ত কৰা যোদ্ধাসকলে চিচেনত থকা গ্ৰেগৰচনৰ শিবিৰত আক্ৰমণ কৰে আৰু তেওঁৰ কনভয় আৰু বনুৱাসকলৰ সৈতে তেওঁক হত্যা কৰে । কমচিঙত জামোহৰ নেতৃত্বত আন এটা গোটে একেদিনাই উইলিয়ামছনকো হত্যা কৰে ।

মাতমৰ জামোহৰ আজোনাতি
মাতমৰ জামোহৰ আজোনাতি

মাতমৰ জামোহৰ প্ৰতিশোধ ক্ষিপ্ৰ আৰু নিৰ্মম আছিল । ১৯১১ চনৰ অক্টোবৰ মাহ আদি যোদ্ধাসকলৰ বাবে আটাইতকৈ কঠিন সময় আছিল । হত্যাৰ প্ৰতিশোধ ল'বলৈ মেজৰ জেনেৰেল হেমিল্টন বাৱাৰে আবৰ অভিযান হাতত লৈছিল । বাৱাৰে জামোহ আৰু তেওঁৰ বন্ধুবৰ্গক শাস্তি দিবলৈ বিচাৰি আদিৰ বাসস্থানত আক্ৰমণ কৰিছিল । তেওঁৰ পত্নী য়াচি আৰু পুত্ৰ মাতকেপক অত্যাচাৰ কৰা হৈছিল ।

য়াগ্ৰুং অঞ্চলত আত্মগোপন কৰিবলৈ বাধ্য হোৱা জামোহৰ (Matmor Jamoh)ওচৰত আত্মসমৰ্পণ কৰাৰ বাহিৰে কোনো বিকল্প নাছিল বুলি আজোনাতি মাতমোৰে কয় । ২০০৫ চনত অৰুণাচলৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী বছিৰাম চিৰামে আন্দামানৰ চেলুলাৰ কাৰাগাৰ পৰিদৰ্শন কৰে য'ত মূল ভূখণ্ডৰ ৰাজনৈতিক বন্দীসকলক বন্দী কৰি ৰখা হৈছিল ।

কিন্তু কৰ্তৃপক্ষই সাহসী নায়কজনৰ বিষয়ে কোনো ৰেকৰ্ড প্ৰদান কৰিবলৈ সক্ষম হোৱা নাছিল বুলিও জানিব পৰা যায় । ব্ৰিটিছ আৰু আবৰৰ মাজত হোৱা এই যুদ্ধ 'এংলো আবৰ' যুদ্ধ বুলি জনা যায় । এই যুদ্ধ প্ৰথম আৰম্ভ হৈছিল 1858 চনত । তাৰ পিছত দ্বিতীয় 1859, তৃতীয় 1894 আৰু চতুৰ্থ যুদ্ধ 1911-12 চনত । এই সময়ছোৱাত শ্বহীদ হোৱা লোক মুঠ 53 জনক ইতিমধ্যে অৰুণাচল প্ৰদেশৰ Anglo Abor যুদ্ধৰ সকলো লোকে মৰ্যদা লাভ কৰিছে বুলি জানিবলৈ দিয়ে আদি স্বাধীনতা সংগ্ৰামী পৰামৰ্শদাতা সমিতিৰ (Adi Freedom Fighter Recommendation Committee) অধ্যক্ষ তাদুৰাম ডেৰাঙে ।

মন কৰিবলগীয়া যে পাহাৰীয়া ৰাজ্যখনত মুঠ 26 টা প্ৰধান জনজাতি আৰু ১১০ টা উপ-জনজাতি আছে । আদিসকল দুটা ভাগত বিভক্ত । আদি অৰ্থাৎ আৱৰৰ জনসংখ্যা 2001 চনৰ পিয়ল অনুসৰি 19,927 লাখ আৰু আনটো জনজাতিক অকা বা হুৰছো বুলি জনা যায় । ৰাজ্যখনৰ চিয়াং, পূব চিয়াং, উজনি চিয়াং, পশ্চিম চিয়াং, চি য়মীৰ লগতে আৰু কেইখনমান জিলাত এই জনজাতীয় লোকসকলৰ বসতি ।

লগতে পঢ়ক :দুৰ্নীতি ৰোধৰ দাবী লৈ অৰুণাচলৰ পৰা দিল্লীলৈ পদযাত্ৰা AAC ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.