ETV Bharat / state

আমুৰ ফেলকন:উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰক চহকী কৰা অন্যতম পক্ষী

সুদূৰ ২৯ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি মণিপুৰত উপস্থিত আমুৰ ফেলকন চৰাই । কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে টুইটযোগে আদৰণি জনালে পৰিভ্ৰমী চৰাইৰ জাকটোক ৷

author img

By

Published : Oct 29, 2020, 6:23 PM IST

আমুৰ ফেলকন
আমুৰ ফেলকন

তেজপুৰ, 29 অক্টোবৰ: আমুৰ ফেলকন, এবিধ প্ৰব্ৰজনকাৰী চৰাই ৷ সুদূৰ ছাইবেৰিয়া, মংগোলীয়া আৰু চীনৰ পূব অঞ্চলৰ পৰা দক্ষিণ আফ্ৰিকালৈ পৰিভ্ৰমণ কৰে আমুৰ ফেলকনে ৷ এই যাত্ৰাপথতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত জিৰণি লয় প্ৰব্ৰজনকাৰী পক্ষীবিধে ৷ এণ্টাৰ্কটিকাক বাদ দি পৃথিৱীৰ প্ৰায় আটাইকেইখন মহাদেশতে বিয়পি আছে ফেলকন পক্ষীৰ প্ৰায় 40 টাকৈ প্ৰজাতি ৷ অক্টোবৰ মাহৰ মাজভাগৰ পৰাই আমুৰ ফেলকনৰ জাকবোৰৰ আগমন ঘটে নাগালেণ্ড, মণিপুৰৰ লগতে অসমৰো কাৰ্বি আংলং, নগাঁও আদি ভিন্ন স্থানলৈ ৷ উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় এমাহ সময় কটোৱাৰ পাচত ফেলকনৰ জাকটোৱে আৰম্ভ কৰে দক্ষিণ আফ্ৰিকামুখী যাত্ৰা ৷

আমুৰ ফেলকন:উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰক চহকী কৰা অন্যতম পক্ষী

অমুৰ ফেলকন এবিধ পাৰৰ দৰে চৰাই ৷ গ্ৰীষ্মকালীন প্ৰজনন পাচত প্ৰায় ২৯ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি ভাৰতৰ ভিন্ন স্থানত প্ৰবেশ কৰে পৰিভ্ৰমী চৰাইবিধে ৷ ব্যতিক্ৰম নহ'ল এই বৰ্ষটোও ৷ প্ৰায় ২৯ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি মণিপুৰত উপস্থিত হ'ল ফেলকন ৷ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে টুইটাৰযোগে আদৰণি জনালে পৰিভ্ৰমী চৰাইৰ জাকটোক ৷ 2019 চনত মণিপুৰৰ টামেঙলং জিলাৰ বন বিভাগে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সহযোগিতাত ৰেডিঅ' কলাৰ লগাই উৰাই দিছিল 5 টাকৈ ফেলকনক ৷ তাৰ ভিতৰত দুটা চৰাই এইবেলিও পুনৰ আহি উপস্থিত হৈছেহি মণিপুৰৰ পুচিং গাঁৱত ৷ উল্লেখ্য যে, বন বিভাগ আৰু পক্ষী গৱেষক সকলৰ মতে, ৰেডিঅ' কলাৰে এই পক্ষীসমূহৰ গতি-বিধি লক্ষ্য কৰাৰ লগতে তেওঁলোকৰ সুৰক্ষাৰ দিশটোত যথেষ্ট গুৰুত্ব প্ৰদান কৰে ৷ 5 খন গাঁৱৰ নামেৰে পুচিং, ইৰাং, বাৰাক, ফালং, ছিউলং নামেৰে নামাকৰণ কৰা হৈছিল ৰেডিঅ' কলাৰ লগাই উৰাই দিয়া চৰাইকেইটাক ৷ ৰেডিঅ' ট্ৰান্সমিটাৰ লগোৱাৰ পাচতে দক্ষিণ আফ্ৰিকালৈ উৰি যোৱাৰ সময়ত সংযোগ বিচ্ছিন্ন হৈ পৰিছিল দুটা ফেলকনৰ ৷ কিন্তু তাৰ মাজতে দুটাকৈ ফেলকন পুনৰ মণিপুৰলৈ ঘূৰি অহাত সুখ প্ৰকাশ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে টুইটাৰযোগে আদৰণি জনালে পৰিভ্ৰমী চৰাইৰ জাকটোক

উল্লেখ্য যে, আমুৰ ফেলকনৰ ওজন সাধাৰণতে ১৭০ গ্ৰাম হয় যদিও, উত্তৰ পূৰ্বাঞ্চললৈ আহি দক্ষিণ আফ্ৰিকালৈ উভতি যোৱাৰ সময়ত ওজন হয়গৈ প্ৰায় ২৭০ গ্ৰাম পর্যন্ত ৷ পৰিভ্ৰমী চৰাইবিধ পূৰ্বে মণিপুৰ আৰু নাগালেণ্ডত বহু লোকৰ চিকাৰৰ বলি হৈছিল যদিও, সম্প্ৰতি ইয়াৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে স্থানীয় ৰাইজৰ সহযোগত বন বিভাগে ভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷ টামেঙলং জিলাত পুচিং গাঁওৰ লোকে বন বিভাগৰ সহযোগিতাত সেই পৰিভ্ৰমী চৰাই যাতে চোৰাং চিকাৰী হাতত নপৰে তাৰ বাবে গাঁৱত ভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৷ শীতৰ আগমনৰ লগে লগে আমুৰ শেনৰ উপস্থিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰৰ তালিকাখন সমৃদ্ধ কৰিছে ৷ যিয়ে দেশী-বিদেশী পৰ্যটককো আকর্ষণ কৰাৰ বহু থল আছে ৷

আমুৰ ফেলকন
আমুৰ ফেলকন

লগতে পঢ়ক: MX প্লেয়াৰত উপলব্ধ হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ চিনেমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.