তেজপুৰ, ২৬ অক্টোবৰ : অসম চৰকাৰৰ বন বিভাগক দুৰ্নীতিয়ে লগ নেৰা হৈছে । এইবাৰ বন বিভাগৰ বিলাসী গাড়ী ক্ৰয় কৰাৰ নামত বৃহৎ ধনৰ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে । আৰটিআই কৰ্মী দিলীপ নাথে অসমৰ ৰাজ্যপাললৈ এই বিষয়ে দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰি তদন্তৰ বাবে আবেদন কৰিছিল ।
![আৰটিআইৰ তথ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2023/as-tezpur-01-26oct-pix-forest-pranabkumardas-7203907_26102023180056_2610f_1698323456_39.jpg)
ফ্ৰান্সৰ পৰা অহা বিত্তীয় পুঁজিৰ আৱণ্টনেৰে এই বিলাসী গাড়ী ক্ৰয় কৰা হৈছিল । পূৰ্বৰ প্ৰকল্প সঞ্চালক পৱন কুমাৰে কেৰালাৰ এছ বি এল ন'লেজ ছাৰ্ভিচ লিমিটেডক বন বিভাগৰ বাবে ১২৯ খন গাড়ী ক্ৰয় কৰিবলৈ ঠিকাৰ আবণ্টন দিছিল । বৰ্তমানৰ প্ৰকল্প সঞ্চালক সন্দীপ কুমাৰে দায়িত্ব লোৱাৰ পিছতে এই কেলেংকাৰীৰ বাবে কোম্পানীটোলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ।
![আৰটিআইৰ তথ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2023/19865169_photo2_aspera.jpg)
ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ আৰক্ষীৰ ওচৰত গোচৰ ৰুজু হৈছে বুলি দিলীপ নাথে জানিবলৈ দিয়ে । বন আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ অসম প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ মুঠ ১২৯ খন বিভিন্ন প্ৰকাৰৰ গাড়ী ক্ৰয়ৰ বাবে অসম চৰকাৰে নিবিদা বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছিল । এই সম্পূৰ্ণ প্ৰক্ৰিয়াৰে ১২৯ খন গাড়ী যোগান ধৰাৰ বাবে কেৰালাৰ কোম্পানীটোৱে নিবিদা লাভ কৰিছিল । কেৰালাৰ কোম্পানীটোৱে নিবিদা লাভ কৰি গাড়ী প্ৰদান কৰে আৰু কিছু আগধনো লাভ কৰে ।
![আৰটিআইৰ তথ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2023/19865169_photo1_aspera.jpg)
কিন্তু এই সমগ্ৰ নিবিদাত প্ৰদান কৰা নথি-পত্ৰ সম্পূৰ্ণ ভুৱা আৰু জাল বুলি প্ৰমাণিত হয় আৰু কোম্পানীটোৰ পূৰ্বতে এনেধৰণৰ বাহন যোগান ধৰাৰ কোনো অভিজ্ঞতা নাই বুলি প্ৰমাণিত হয় । দিলীপ নাথে জনোৱা মতে, এই বাহনসমূহ বজাৰ মূল্যতকৈ অধিক মূল্যত ক্ৰয় কৰা দেখুৱাই নিবিদা সম্পূৰ্ণ কৰে । নিবিদাত প্ৰদান কৰা গাড়ীসমূহৰ মূল্য ক্সৰপিঅ' বাহনৰ বজাৰ মূল্য হৈছে ১৪ লাখ ৪০ হাজাৰ টকা । কিন্তু নিবিদাত ক্ৰয় কৰে ১৮ লাখ ৯৩ হাজাৰ ৭৭৮ টকাত ।
![আৰটিআইৰ তথ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-10-2023/19865169_photo1_aspera.jpg)
আনহাতে, টাটা ৪০৭ গাড়ীৰ মূল্য ১১ লাখ টকাৰ পৰিৱৰ্তে ক্ৰয় কৰা হৈছে ১৪ লাখ ৭৮ হাজাৰ ২৮৬ টকাত । মটৰচাইকেল হিৰো ডিলাক্সৰ বজাৰ মূল্য হৈছে ৫৭ হাজাৰ টকা, ক্ৰয় কৰিছে ৭৪ হাজাৰ টকাত । আনহাতে, ট্ৰেক্টৰৰ বজাৰ মূল্য ৯ লাখ টকা, কিন্তু ক্ৰয় কৰিছে ১২ লাখ ৫৫ হাজাৰ টকাত । এই সমগ্ৰ ঘটনাৰ বিষয়ে এছ এল বি কোম্পানীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাত কোম্পানীটোৰ তৰফৰ পৰা ততাতৈয়াকৈ ভূতৰ ওপৰত দানহ পৰা দি বন বিভাগৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ কাষ চাপে আৰু কোম্পানীটোৰ নামত ভুৱা তথ্য প্ৰদান কৰাৰ বাবে গোচৰ ৰুজু কৰে ।
এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা তদন্ত কৰিলেহে প্ৰকৃত সত্য পোহৰলৈ আহিব ।
লগতে পঢ়ক :Chhattisgarh Polls: ভূপেশ বাঘেলে ধৰ্মান্তৰকৰণৰ বজাৰ খুলিছে: হিমন্ত বিশ্ব শৰ্মা