ৰঙাপৰা, 6 মাৰ্চ : শোণিতপুৰ জিলাৰ 74 নং ৰঙাপৰা বিধানসভা সমষ্টিত অসম প্ৰথম, সদায় আৰু চিৰদিনৰ লক্ষ্যৰে গঠিত হোৱা অসম জাতীয় পৰিষদে এগৰাকী স্থানীয় তথা চাহ জনগোষ্ঠীয় নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰে ৷ শাসকীয় দল বিজেপিয়ে এগৰাকী চাহ জনগোষ্ঠীয় নেতা তথা এসময়ৰ আটছাৰ প্ৰাক্তন নেতা কৃষ্ণ কমল তাঁতীক প্ৰাৰ্থিত্ব প্ৰদানৰ পিছত অজাপই আটছাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য অজয় তাঁতীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷
প্ৰাৰ্থিত্ব লাভৰ পাচতে জাতীয়তাবাদী নেতাজনক সমৰ্থকে বিশাল মটৰ চাইকেল ৰেলীৰে বিন্দুকুৰিৰ পৰা ৰঙাপৰালৈ আদৰি আনে ৷ যিসময়ত শাসকীয় বিজেপিয়ে চাহ জনগোষ্ঠীয় এলেকাৰ ভোটাৰক নিজৰ ফলীয়া কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰি আহিছে তেনে সময়তে চাহ জনগোষ্ঠীৰ এজন নেতাক অসম জাতীয় পৰিষদে প্ৰাৰ্থীত্ব দিয়াত একাংশ ভোটাৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে ৷
যুৱনেতা অজয় তাঁতীক ফুলাম গামোচাৰে আদৰি আনে সমৰ্থক ৰাইজে ৷ তাৰোপৰি এটা ঝুমুৰ দলে নৃত্য-গীতেৰে তেওঁক আদৰি অনাৰ লগতে তাঁতীয়েও নৃত্যত অংশগ্ৰহণ কৰে ৷ প্ৰাৰ্থী অজয় তাঁতীয়ে ৰঙাপৰা বিধানসভা সমষ্টিত আমদানিকৃত ব্যক্তিয়ে ৰাজনৈতিকভাৱে প্ৰতিনিধিত্ব কৰি অহাৰ কথা উল্লেখ কৰে ৷ আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰীতে বিজেপি আৰু অজাপৰ মাজতে ৰাজনৈতিক যুঁজখন হ'ব বুলি তাঁতীয়ে মন্তব্য কৰে ৷
ৰঙাপৰাৰ স্থানীয় যুৱক, শ্ৰমিক সন্তানজনক সহায়-সহযোগিতা কৰিবলৈ আই-মাতৃ আৰু ভোটাৰ ৰাইজক আহ্বান জনায় ৷ উল্লেখযোগ্য যে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ উপস্থিতিত জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সভাত সদৌ অসম চাহ জনজাতীয় ছাত্ৰ সন্থা (আটছা)ৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য অজয় তাঁতীয়ে ছাত্ৰ সংগঠন এৰি আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰিছিল ৷
লগতে পঢ়ক : গেৰুৱা হল ড৹ পৰমান্দ ৰাজবংশী সহিতে ৰূপেশ গোৱালা