ETV Bharat / state

India-China Conflict: আজিৰে পৰা ভাৰত চীন সীমান্তত বায়ুসেনাৰ যুদ্ধ অভ্যাস

টাৱাংকাণ্ডৰ উত্তেজনা অব্যাহত থকাৰ মাজতে অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তত বায়ুসেনাৰ যুঁজাৰু বিমানে আজিৰে পৰা আৰম্ভ কৰিছে যুদ্ধাভ্যাস ৷ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘাতৰ পাচতে তৎপৰতা বৃদ্ধি পাইছে ভাৰতীয় বায়ুসেনাৰো(Air Force combat practice on India-China border) ৷

author img

By

Published : Dec 15, 2022, 11:27 AM IST

Updated : Dec 15, 2022, 11:34 AM IST

India vs China Conflict
আজিৰে পৰা ভাৰত চীন সীমান্তত বায়ুসেনাৰ যুদ্ধ অভ্যাস

তেজপুৰ, 15 ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত আজিৰে পৰা ভাৰতীয় বায়ুসেনাই চলাব যুঁজাৰু বিমানৰ যুদ্ধ অভ্যাস । সাজু হৈ উঠিছে অসমকে ধৰি সীমান্তবৰ্তী বায়ুসেনা ঘাটি । তেজপুৰ, যোৰহাট, চাবুৱা আৰু পশ্চিমবংগৰ বাগদোগ্ৰা আৰু হাঁচিমাৰা বায়ুসেনা ঘাটিৰ অন্তৰ্ভুক্ত এই অনুশীলনত ব্যৱহাৰৰ হ’ব অত্যাধুনিক যুদ্ধ বিমান ৰাফেল, চুখয় ৩০ ।

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ য়াংষ্টে অঞ্চলত 9 ডিচেম্বৰত ভাৰতীয় সেনাৰ লগত চীনা পিএলএ(People's Liberation Army) সৈন্যই চলোৱা সন্ত্ৰাসৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ তৰফৰ পৰা ইষ্টাৰ্ণ এয়াৰ বেছক সক্ৰিয় যুদ্ধ অভ্যাস কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল ৷ ইয়াৰ পিছতে অঞ্চলটোত সক্ৰিয় যুদ্ধ অভ্যাসৰ বাবে এই আয়োজন কৰা হয় । কিন্তু বায়ুসেনাৰ তৰফৰ পৰা এইয়া এক নিয়মীয়া অনুশীলন বুলিহে ক’ব বিচৰা হৈছে(India-China border face-off) ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ মুঠ 4 খন এডভান্স লেণ্ডিং গ্ৰাউণ্ড সক্ৰিয় হৈ আছে । এই অনুশীলনত L70 anti-aircraft gun ব্যৱহাৰ কৰা হ’ব ৷ 2021 বৰ্ষত অৰুণাচল প্ৰদেশৰ সীমান্তত L70 anti-aircraft gun স্থাপন কৰা হৈছিল ৷ ই বফ'ৰ্ছৰ সমকক্ষ । অৰুণাচল প্ৰদেশৰ অতি উচ্চতাত L-70 এয়াৰ ডিফেঞ্চ চিষ্টেমছ সহায়ক হ‘ব ।

লগতে পঢ়ক : Air patrolling at Tezpur : তেজপুৰৰ আকাশত বায়ুসেনাৰ যুঁজাৰু বিমানৰ এয়াৰ পেট্ৰ’লিং

Last Updated : Dec 15, 2022, 11:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.