তেজপুৰ, ১ অক্টোবৰ : ভাৰতীয় বায়ুসেনাৰ প্ৰধান এয়াৰ মাৰ্চেল ভি আৰ চৌধুৰীয়ে অলপতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও বায়ুসেনাৰ ঘাটি পৰিদৰ্শন কৰে । আজি বায়ুসেনাৰ Xৰ জৰিয়তে বায়ু সেনাৰ প্ৰধান গৰাকীয়ে ভ্ৰমণৰ বিষয়ে সদৰী কৰে । উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী এলেকাত থকা এডভান্স লেণ্ডিং গ্ৰাউণ্ড সমূহ পৰিদৰ্শন কৰি অভিযানৰ সাজুৰ বিষয়ে আলোচনা কৰে ।
বায়ুসেনাৰ প্ৰধান এয়াৰ মাৰ্চেল ভি আৰ চৌধুৰীয়ে ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ স্পৰ্শকাতৰ অঞ্চলত থকা মেচুকা,পাছিঘাট, টুটিং,তেজু আৰু জিৰোত থকা বায়ুসেনাৰ ঘাটিত কৰ্তব্যত থকা বিষয়ববীয়া সকলক সাক্ষাৎ কৰে । অৰুণাচল প্ৰদেশৰ এইকেইখন বায়ুসেনাৰ অতি স্পৰ্শকাতৰ এডভান্স লেণ্ডিং বিমান ঘাটি । উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশত মুঠ ৮ খন এনেধৰণৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ড আছে । বৰ্তমান এই আটাইবোৰ বিমান ঘাটি সক্ৰিয় ভাবে কাৰ্যক্ষম হৈ আছে ।
উল্লেখ্য় যে মেচুকা,পাছিঘাট, টুটিং,তেজু আৰু জিৰো এই পাঁচখন এডভান্স লেণ্ডিঙৰ উপৰি পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং,বমদিলা আৰু পূব অৰুণাচলত ৱালং বায়ুসেনাৰ অতি গুৰুত্বপূৰ্ণ বিমান ঘাটি । ৱালং ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ যুদ্ধৰ এক বৃহৎ সাক্ষী হৈ আছে । ৱালং,হেলমেট টপ আৰু কিবেটু অঞ্চলত ১৯৬২ চনত চীনা সৈন্যৰ লগত তয়াময়া ৰণ হৈছিল আৰু ইয়াৰ সাক্ষী ৱালঙৰ যুদ্ধ স্মাৰক ।
আনহাতে, এই সমূহ বিমান ঘাটিৰ উপৰি তেজপুৰৰ বায়ুসেনাৰ ঘাটি ডিব্ৰুগড়ৰ চাবুৱা আৰু দিনজান হৈছে বায়ুসেনাৰ প্ৰধান বিমান ঘাটি সুখয় যুদ্ধ বিমানৰে সুসজ্জিত । উল্লেখযোগ্য যে তেজপুৰ বিমান ঘাটিৰ পৰা বৰ্তমান যুদ্ধ বিমানৰ অভ্যাস প্ৰতিদিনে চলি আছে । ইয়াৰ মাজতে বায়ুসেনাৰ প্ৰধান গৰাকীৰ উত্তৰ পূৰ্বাঞ্চলৰ বায়ুসেনাৰ বিমান ঘাটি সমূহ পৰিদৰ্শন গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে ।
লগতে পঢ়ক:Opposition leaders Apple Phone hack: বিৰোধী নেতাৰ এপল ফোন হেকৰ বাবে জগৰীয়া বিজেপি: ৰিপুন বৰা