ETV Bharat / state

লক ডাউনৰ প্ৰভাৱত গছতে নষ্ট হৈছে কৃষকৰ উৎপাদিত শস্য

author img

By

Published : Apr 10, 2020, 2:25 PM IST

তলাবন্ধৰ ফলত ব্যাপক লোকচানৰ সন্মুখিন হ'ব ৰাজ্যৰ একাংশ কৃষক । এনে অৱস্থাত ব্যাপক আৰ্থিক ক্ষতিৰ সন্মুখীন হ’লেও একমাত্ৰ ৰাজ্যত যাতে কৰ’ণা সংক্ৰমণ নহয় তাৰ বাবেই মুৰপাতি লৈছে সকলো।

গছতে নষ্ট হৈছে কৃষকৰ উৎপাদিত শস্য
গছতে নষ্ট হৈছে কৃষকৰ উৎপাদিত শস্য

তেজপুৰ, ১০ এপ্ৰিলঃ কৰ’ণাৰ আতংকই সমগ্ৰ বিশ্বৰ লগতে অসমতো ৰাইজক সন্ত্ৰষ্ট কৰাৰ সময়ত অব্যাহত তলাবন্ধৰ ফলত তেজপুৰৰ নিকতৱৰ্তী বিহগুৰি পিঠাখোৱা অঞ্চলৰ শালমৰা চাপৰিত কৃষক সকলৰ কষ্টোপাৰ্জিত ফচল গছতে গেলিবলৈ আৰম্ভ কৰিছে ৷ এই শোকাৱহ অৱস্থাৰ বিষয়ে উল্লেখ কৰি যুৱ কৃষক মহেন্দ্ৰ নাথে কয় যে, সম্প্ৰতি তেওঁলোকে কৰা বিলাহী, কেৰেলা ৰঙালাও বেঙেনা আদি গছতে পচিছে বজাৰ সমূহ বন্ধ হৈ পৰাত ৷

এনে অৱস্থাত ব্যাপক আৰ্থিক ক্ষতিৰ সন্মূখীন হ’লেও একমাত্ৰ ৰাজ্যত যাতে ভয়ংকৰ কৰ’ণা সংক্ৰমণ নহয়, তাৰবাবেই সকলো লোকচান তেওঁলোকে মূৰপাতি লোৱা বুলিও কয় কৃষক জনে ৷

গছতে নষ্ট হৈছে কৃষকৰ উৎপাদিত শস্য

স্থানীয় আন এগৰাকী ক্ষুদ্ৰ কৃষক ৰমণী নাথে কয় যে কুশনি চাপৰি আৰু শালমৰা চাপৰিত শ শ বিঘা খেতিপথাৰৰ দুই তিনিবিঘাকৈ মাটিত পৃথকে পৃথকে বেঙেনা, বিলাহী, গাজৰ, বন্ধাকবি, নহৰু, কেৰেলা, ৰঙালাও আদিৰ খেতি কৰে ৷ তেওঁ কয়- "এতিয়া আমি কৰা বিলাহী গছতে কাউৰি আৰু চৰায়ে খাইছে ৷ বাকী কিছু ওচৰ চুবুৰীয়াক বিলোৱা বা দুই এজনক ঘৰতে বিক্ৰী কৰাৰ বাহিৰে সকলো গেলিছে ৷" বৰ্ষীয়ান কৃষকজনে লগতে কয় যে পূৰ্বে বছৰি একোজন কৃষকে এনে কৃষিৰ জৰিয়তে এক-ডেৰলাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল য’দিও এইবছৰ ১০ হেজাৰ টকাও উপাৰ্জন কৰিব পৰা নাই ৷

আনহাতে, শোণিতপুৰ জিলাৰ গাভৰু, শিঙৰি, চিতলমাৰী, বেলশিৰি আদি বৃহত্তৰ অঞ্চলৰ শ শ বিঘা বালি মাটিত উৎপাদন হয় হেজাৰ হেজাৰ কুইন্টল তৰমুজ ৷ এবিঘা মাটিত উৎপাদিত তৰমুজৰ পৰা একোজন কৃষকে প্ৰায় ৫০ হেজাৰ টকা উপাৰ্জন কৰিব পাৰে ৷ এই সময়ত ইয়াৰ পৰা তৰমুজ শিলচৰ, গুৱাহাটী, মৰিগাঁও, নগাঁও তথা অৰুণচল প্ৰদেশলৈ ৰপ্তানি কৰা হয় য’দিও এইবাৰ স্থানীয়ভাবেই তৰমুজ বিক্ৰী কৰিব পৰা হোৱা নাই ৷

Agro product damage in tree
ব্যাপক লোকচানৰ আশংকা একাংশ কৃষিজীৱিৰ

তেজপুৰৰ নিকতৱৰ্তী গাভৰু পুঠিমাৰীৰ যুৱ কৃষক যুগল নাথে এই সন্দৰ্ভত কয় যে, তৰমুজৰ খেটিত যথেষ্ট খৰচো হয় ৷ তেওঁ এইবাৰো ১২বিঘা মাটিত তৰমুজ খেটি কৰিছে য’দিও সেয়া বিক্ৰী কৰিবলৈ বজাৰেই বন্ধ হৈ পৰাত তৰমুজ গছতেই আছে ৷ তীব্ৰ লোকচানৰ সন্মূখীন হোৱা ৰাজ্যৰ কৃষক সকলক সকাহ দিয়াকৈ এক আঁচনি কাৰ্যকৰী কৰিবলৈও তেওঁ আহ্বান জনাই ৷ ইপিনে তেজপুৰৰ বজাৰসমূহৰ লগতে কাষৰীয়া জিলাতো তেজপুৰৰ পূৰ্বাঞ্চলৰ শাক পাচলিৰ গুৰুত্ব আছে ৷

বেঙেনা, বিলাহী, ৰঙালাও, মটৰ, গাজৰ, কবি, বিন, জিকা, জলকীয়া, লাউ, ভেন্দি, তিয়হ আদি সকলোধৰণৰ পাচলি উৎপাদন হোৱা এই অঞ্চল সমূহৰ কৃষকৰ ফচলো সম্প্ৰতি গছতে পকাৰ লগতে নষ্ট হোৱাৰ বিষয়ে প্ৰকাশ কৰি পাঁচমাইলৰ কৃষক আশ্ৰাৰুল হকে কয় যে, তলাবন্ধ অতি প্ৰয়োজনীয় ব্যৱস্থা আৰু দেশ আৰু দেশবাসীৰ সুৰক্ষাৰ বাবেই এয়া সকলোৱে মানিব লাগে ৷ কিন্তু ইয়াৰ পিছত উদ্ভৱ হ’ব পৰা খাদ্য সংকট আৰু কৃষক সকলৰ বিপদৰে মোকাবিলা কৰিবলৈও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি হকে মন্তব্য কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.