ETV Bharat / state

ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবে পৰিদৰ্শন কৰিলে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ - আৰক্ষী অধীক্ষক

অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন ৷ কাৰাগাৰৰ কাৰাবন্দী তথা ডি ভোটাৰ লোক সকলক বৰুৱাৰ সাক্ষাৎ ৷ সোনকালে মুক্তিৰ ব্যৱস্থা কৰি দিবৰ বাবে অতিৰিক্ত মুখ্য সচিব গৰাকীক আবেদন জনালে কাৰাবন্দী ডি ভোটাৰ লোকসকলে ৷

অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন

author img

By

Published : Oct 11, 2020, 2:26 PM IST

তেজপুৰ ,11 অক্টোবৰ : অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডি ভোটাৰ সকলক সাক্ষাৎ ৷ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব গৰাকীয়ে আজি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰাৰ লগতে কাৰাবন্দী লোক সকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে ৷ গৃহ তথা বিদেশী ন্যায়াধিকৰণৰ দায়িত্বত থকা বৰুৱাক কাৰাবন্দী লোক সকলে সোনকালে তেওঁলোকৰ মুক্তিৰ ব্যৱস্থা কৰি পৰিয়ালৰ সৈতে লগ পাবলৈ সুবিধা কৰি দিবৰ বাবে কৰিলে আবেদন ৷ অৱশ্যে ৰাজ্যৰ গৃহ সচিব গৰাকীয়ে জানিবলৈ দিয়া মতে, কাৰাদণ্ডৰ ২ বছৰ ম্যাদ উকলি যোৱাৰ পিছতহে তেওঁলোকৰ মুক্তি সম্ভৱ হ’ব ।

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত  থকা শিশু সকলৰ মাজত ফাল মূল বি
তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা শিশু সকলৰ মাজত ফাল মূল বিতৰণ

ইফালে কাৰাগাৰৰ জেইলাৰ ৰাজু কুমাৰ চৌধুৰীয়ে জনাই যে পৰিয়ালবৰ্গৰ সৈতে কাৰাগাৰৰ পৰা ফোন যোগে কথা পাতিবৰ বাবে জেলৰ বিষয়াই ব্যৱস্থা কৰিছে ৷ গৃহ সচিব বৰুৱাই কাৰাগাৰত থকা শিশু সকলৰ মাজত ফল-মূল বিতৰণ কৰাৰ লগতে কাৰাগাৰত প্ৰদান কৰা খাদ্যৰ প্ৰণালী আৰু সুষম আহাৰৰ ব্যৱস্থাৰ বিষয়ে নিৰীক্ষণ কৰে আৰু সন্তুষ্টি প্ৰকাশ কৰে । গৃহ সচিব গৰাকীৰ লগত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক মুগ্ধ জ্যোতি দেৱ মহন্ত আৰু জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত থাকে ।
লগতে পঢ়ক : SI কেলেংকাৰী প্ৰসংগঃ ৰঙাপৰাত আটক আৰু এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.