ETV Bharat / state

কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক উদ্ধাৰ

author img

By

Published : Nov 23, 2021, 8:34 PM IST

তেজপুৰৰ কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাগ্ৰস্থ বাহন উদ্ধাৰ ৷ এন ডি আৰ এফ(NDRF) আৰু এছ ডি আৰ এফে অভিযান(SDRF mission) চলাই উদ্ধাৰ কৰে ট্ৰাকখন ৷ এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই সন্ধানহীন চালক-হেণ্ডিমেন ৷

accident-on-kaliabhomora-bridge-vehicle-falls-into-brahmaputra
কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক উদ্ধাৰ

তেজপুৰ, 23 নৱেম্বৰ: সোমবাৰে তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ (Kalia Bhomora bridge) ৰেলিং ভাঙি দুৰ্ঘটনাত পতিত (Accident in Kalia Bhomora bridge) হৈ ব্ৰহ্মপুত্ৰৰ বুকুত সোমাই পৰে এখন ট্ৰাক(Truck gets into Brahmputra ) ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন দুয়োগৰাকী সন্ধানহীন (Driver and handyman missing in Tezpur) হৈ আছিল ৷ মঙলবাৰে তেজপুৰ আৰক্ষীয়ে সন্ধানহীন হৈ থকা দুয়োগৰাকী লোকৰ বিষয়ে কিছু তথ্য সদৰি কৰে ৷

শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি, NL01 K3553 নম্বৰৰ ১০ চকীয়া ট্ৰাকখন SAM Transport Companyৰ ট্ৰাকখনে ২১ নৱেম্বৰত ডিমাপুৰৰ পৰা লখিমপুৰৰ বান্দৰদেৱালৈ ১৬ মেট্ৰিক টন লোহা কঢ়িয়াই আনি থকাৰ অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল ৷ ট্ৰাকখনৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱা এটা বেগৰ পৰা লাভ কৰা নথি পত্ৰৰ ভিত্তিত নিখোজ হৈ থকা চালকজন জামুগুৰি আগৰিপামৰ ৰাজীৱ বিশ্বকৰ্মা আৰু হেণ্ডিমেনজন বিহালী ৰঙাচালিৰ অমিত ডনাৰ ওৰফে লুতে বুলি চিনাক্ত কৰা হৈছে ।

আনহাতে, এই পৰ্যন্ত নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱা ট্ৰাকখনৰ GPS location অনুসৰি সোমবাৰে পুৱতি নিশা ১:০৯ বজাত ট্ৰাকখন কলিয়াভোমোৰা দলঙৰ ওপৰত আছিল ৷

সন্ধানহীন হৈ থকা চালক আৰু হেণ্ডিমেনৰ সন্ধানত সম্প্ৰতি এন ডি আৰ এফ (National Disaster Response Force) আৰু এছ ডি আৰ এফ(State Disaster Response Force)য়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ প্ৰাপ্ত তথ্য মতে, সম্প্ৰতি ট্ৰাকখন উদ্ধাৰ হৈছে যদিও সন্ধানহীন লোক দুজৰ কোনো ধৰণৰ অৱস্থানৰ বিষয়ে আৰক্ষীয়ে এতিয়াও লাভ কৰা নাই কোনো তথ্য ৷

লগতে পঢ়ক: Deadbody recovered in hatigaon : তলাবন্ধ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.