ৰঙাপৰা,6 মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে শনিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত এখন গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত কৰে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ চাৰিদুৱাৰৰ কটন মিলৰ গৌজান পথাৰস্থিত বালিপৰা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত উপস্থিত থাকি শাসকীয় বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে এবছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বিপেন বড়োৱে ৷ নেতা গৰাকীয়ে উল্লেখ কৰে যে, নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে বিগত 30 টা বছৰে ছাত্ৰ আৰু জাতীয় সংগঠন হিচাপে ৰাজনৈতিক সমস্যা,অধিকাৰ,অৰ্থনৈতিক,শিক্ষা আৰু সামাজিক ক্ষেত্ৰত কাম কৰি আহিছে ৷ কিন্তু বহু দাবীৰ পাছতো ৰাজ্যখনৰ বিভিন্ন জিলা বা সমষ্টি সমূহত বসবাস কৰি অহা বড়ো জনগোষ্ঠীয় ৰাইজে চৰকাৰৰ পৰা যি ধৰণে সা-সুবিধা লাভ কৰিব লাগিছিল বা তেঁওলোকৰ সমস্যা সমাধান হ'ব লাগিছিল সেইয়া কাৰ্যত নহল ৷ বিগত পাঁচটা বছৰে অসমত শাসন কৰা বিজেপিয়ে বড়ো জনগোষ্ঠীয় ৰাইজক ভূমিপট্টা প্ৰদান নকৰিলে, পঞ্চায়তীৰাজ ব্যৱস্থা নকৰিলে আৰু বড়ো ৰাইজ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'ল বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷
লগতে আগন্তুক নিৰ্বাচনত এইবাৰ এবছুয়ে কাক সমৰ্থন জনাব তাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰি অহা 15 মাৰ্চৰ ভিতৰত কোনটো ৰাজনৈতিক দলক সমৰ্থন জনাব সেই বিষয়ে অৱগত কৰিব বুলি জনাইছে এবছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দ্বিপেন বড়োৱে ৷ নেতা গৰাকীয়ে উল্লেখ কৰে যে,ৰাজ্যৰ 30 টা বিধানসভা সমষ্টিত প্ৰায় 3 হাজাৰৰ পৰা 40 হাজাৰ বড়ো জনগোষ্ঠীয় ভোটাৰ ৰাইজ আছে৷ তেঁওলোকে কোনটো ৰাজনৈতিক দলক সমৰ্থন আগবঢ়াৱ সেইয়া সিদ্ধান্ত অনুসৰি অচিৰেই ৰাজহুৱা কৰা হ'ব ৷ উল্লেখ্য যে, এবছুয়ে দীৰ্ঘদিনৰেপৰা বড়ো অধ্যুষিত সমষ্টি সমূহত নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে ৷
লগতে পঢ়কঃ মহাজোঁটবন্ধন কৰি বৰাকত সংকটত পৰিছে কংগ্ৰেছ