ETV Bharat / state

তেজপুৰত মুল্যবৃদ্ধিৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ - যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ

তেজপুৰ চহৰৰ মাজমজিয়াৰে এক শোভাযাত্ৰা উলিওৱা হয় আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰা হয় ।

তেজপুৰত মুল্যবৃদ্ধিৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ

author img

By

Published : Jul 3, 2020, 10:36 PM IST

তেজপুৰ, ৩ জুলাই: পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে সমগ্ৰ অসমৰ লগতে শুকুৰবাৰে তেজপুৰতো সাব্যস্ত কৰা হয় প্ৰতিবাদ । শোণিতপুৰ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে উক্ত প্ৰতিবাদ । প্ৰতিবাদী কাৰ্যসূচীৰূপে তেজপুৰ চহৰৰ মাজমজিয়াৰে এক শোভাযাত্ৰা উলিওৱা হয় আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰা হয় । এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ শোণিতপুৰ জিলাৰ সকলো আঞ্চলিক আৰু মহকুমাৰ সদস্যই অংশগ্ৰহণ কৰে ।

তেজপুৰত মুল্যবৃদ্ধিৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ

উল্লেখ্য যে, দেশত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা লক ডাউনৰ ফলত অৰ্থনীতি তচনচ হৈ পৰিছিল । বন্ধ হৈ পৰিছিল ৰাজহ সংগ্ৰহ । সেয়ে এই ঘাটি পূৰণত কিছু সকাহ পাবলৈ চৰকাৰে পেট্ৰ'ল- ডিজেল জাতীয় ইন্ধনৰ ক্ষেত্ৰত অধিক কৰ আৰোপৰ সিদ্ধান্ত লৈছিল । কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ বাবে সকলো সামগ্ৰীৰে পৰিবহণ ব্যয় অধিক হৈ পৰে । যাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পালে । লক ডাউনে অৰ্থনৈতিকভাৱে জুৰুৱাকৰা সাধাৰণ জনতাই ইয়াৰ ফলত অধিক দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।

লগতে পঢ়ক : বান আৰু বন্যপ্ৰাণীৰ সংকট সম্পৰ্কে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে আছুতীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.