ETV Bharat / state

ৰঙাপৰাত 12 ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা

শনিবাৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আহ্বান জনোৱা 12 ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিল জিলাখনৰ ভিন্ন স্থানত ৷ জিলাখনৰ ভিন্ন প্ৰান্তত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰঙাপৰা-মিছামাৰীৰ আছু কৰ্মীসকলে ৷

aasu-protest-in-rangapara
12 ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱঃপ্ৰতিবাদ সাব্যস্ত আছু কৰ্মীৰ
author img

By

Published : Jan 23, 2021, 1:12 PM IST

ৰঙাপৰা,23জানুৱাৰী : শনিবাৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আহ্বান জনোৱা 12 ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিল জিলাখনত ৷ জিলাখনৰ ভিন্ন প্ৰান্তত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰঙাপৰা-মিছামাৰীৰ আছু কৰ্মীসকলে ৷ তদুপৰি ৰঙাপৰাৰ ঢেকিয়াজুলি বাছ আস্থান আৰু মিছামাৰীৰ গৰুবন্ধা তিনিআলিত আছুৰ কৰ্মীসকলে অসম পুলিচ হায় হায়,'কা' আমি নামানো, অসম চৰকাৰ হুচিয়াৰ, বিজেপি গ'বেক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ ৷

উল্লেখ্য যে, শুকুৰবাৰে তেজপুৰত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই "কা" ৰ বিৰোধিতাৰে জোঁৰ সমদল কৰি গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিছিল ৷ কিন্তু প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে অসম আৰক্ষী আৰু CRPF বাহিনীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল আছু কৰ্মীসকলক ৷ যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ দমন নীতিৰ বিৰুদ্ধে সৰৱ হৈ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই 12ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধ ঘোষণা কৰিছিল ৷

লগতে পঢ়কঃ গহপুৰৰ বালিজানত পথ দুৰ্ঘটনাত নিহত দুগৰাকী বেংক কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.