ETV Bharat / state

Kalaguru death anniversary: অসমৰ বিশ্ববিদ্যালয়ত কলাগুৰুৰ নামত আসন সংৰক্ষণৰ দাবী আছুৰ

author img

By

Published : Jun 20, 2023, 4:41 PM IST

তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে এখন আসন সংৰক্ষিত কৰাৰ দাবী জনায় অসম চৰকাৰক ।

AASU observed 55th death anniversary of Kalaguru
death anniversary of Kalaguru Bisnu Prashad Rabha
অসমৰ বিশ্ববিদ্যালয়ত কলাগুৰুৰ নামত আসন সংৰক্ষণৰ দাবী

তেজপুৰ, ২০ জুন: অসমৰ বিশ্ববিদ্যালয়সমূহত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত এখন আসন সংৰক্ষণৰ বাবে চৰকাৰক আহ্বান আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ সৈনিক শিল্পীগৰাকীৰ মৃত্যু তিথিত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই ভট্টাচাৰ্যই কয় যে, ভৱিষ্যত প্ৰজন্মৰ বাবে ৰাভাৰ বিষয়ে গৱেষণা কৰাৰ বাবে উপযোগী ব্যৱস্থা গঢ়ি তুলিব লাগে ।

তেওঁ কয় যে, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নটসূৰ্য ফণী শৰ্মা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত এখন আসন সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মৰ গৱেষণাৰ বাবে চৰকাৰে উপযোগী কৰি তুলিব লাগে । আনহাতে, অসম চৰকাৰে বিশ্ববিদ্যালয়ৰ এই আসনৰ বাবে নিজাববীয়াকৈ খৰচ বহন কৰি লাগে ।

পাঠ্যক্ৰমত কলাগুৰুৰ সৃষ্টিৰাজি সন্নিবিষ্ট কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে উপযোগী কৰি তোলাৰ বাবেও চৰকাৰক দাবী জনায় ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । তেওঁ লগতে কয় যে, যি দৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত ৰবীন্দ্ৰ ভৱন আছে তেনেদৰে অসমৰ এই মহান মনীষী কেইগৰাকীৰ নামত ভৱনৰ প্ৰয়োজনীয়তা আছে ৷ ইয়াৰ পৰা ভৱিষ্যৎ প্ৰজন্মই শুদ্ধ স্বৰলিপিত গীত পৰিৱেশন আৰু শিকিব পাৰিব ।

মঙলবাৰে তেজপুৰৰ নেহেৰু মৈদানত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৫ সংখ্যক মৃত্যু দিৱস অনুষ্ঠিত কৰিছে । ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে মুখ্য উপদেষ্টা ভট্টাচাৰ্য, ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা প্ৰমুখ্যে বিষয়ববীয়া সকল উপস্থিত থাকে এই অনুষ্ঠানত । তেজপুৰত ১৭ জুনৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস উদযাপন কৰা হৈছে ।

লগতে পঢ়ক: Rabha Diwas 2023: কলিয়াবৰৰ সৈতে কলাগুৰুৰ আছিল আত্মিক সম্পৰ্ক

ইফালে দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰ ঐতিহাসিক বান থিয়েটাৰত কলাগুৰুৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত হয় । মুঠ ২৭ খন একাংক নাট মঞ্চস্থ কৰে বান থিয়েটাৰৰ পৰিয়ালৰ তৰফৰ পৰা । এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 15000 টকা, দ্বিতীয় পুৰস্কাৰ 10000 টকা আৰু তৃতীয় পুৰস্কাৰ 7000 টকা ৷

এই অনুষ্ঠানৰ আজি ৰাভাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনায় বিষ্ণুপ্ৰসাদ ৰাভাৰ জেষ্ঠ পুত্ৰ পৃথ্বিৰাজ ৰাভাই আৰু এই নাট প্ৰতিযোগিতাৰ উদ্বোধন কৰে বান থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই । আজি সামৰণি অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে শোণিতপুৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

আনহাতে, শোণিতপুৰ জিলা প্ৰশাসনে পুৱাৰ ভাগত কলাগুৰুৰ সমাধি ক্ষেত্ৰত মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনায় । শোণিতপুৰৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, কলাগুৰুৰ জেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.