তেজপুৰ, ২৩ এপ্ৰিল: অত্যাৱশকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্যৰ ৰোধৰ উদ্দেশ্যেৰে শুক্ৰবাৰে নিজাববীয়াকৈ এক অভিযান চলায় তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই । সামগ্ৰীৰ বিক্ৰীৰ বাবদ নিৰ্ধাৰিত মূল্য আদায় ল'বলৈ পাইকাৰী ব্যৱসায়ীক সকীয়নি দিয়ে ছাত্ৰ সংগঠনটোৱে । লগতে সাধাৰণ ৰাইজে যাতে সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে বজাৰৰ পৰা খালী হাতে উভতিবলগীয়া নহয়, সেই বিষয়ে চিন্তা কৰি নীতি বহিৰ্ভূতভাৱে মূল্যবৃদ্ধি নকৰিবলৈও আহ্বান জনায় ।
বৰ্তমান কৰ'ণা মহামাৰীৰ সংক্ৰমণে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰি থকাৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়েও সৰ্বসাধাৰণক মাধমাৰ সোধাইছে । আনহাতে, মূল্য বৃদ্ধি নিয়ন্ত্ৰণত অসম চৰকাৰৰ যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগো উত্থাপিত হৈ আহিছে । মিঠাতেল, আটা, চাউলৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে । আছুৰ অভিযোগ অনুসৰি, শোণিতপুৰ জিলা প্ৰশাসন আৰু যোগান বিভাগ অদূৰদৰ্শী ব্যৱস্থাৰ বাবে একাংশ পাইকাৰী ব্যৱসায়ীয়ে নিজৰ ইচ্ছা মতে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ।
সেয়ে, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই শুক্ৰবাৰে তেজপুৰ চহৰৰ লগতে শোণিতপুৰ জিলাৰ আন কেইবাটাও স্থানত থকা বিভিন্ন পাইকাৰী ব্যৱসায়ীসকলক সামগ্ৰীৰ মূল্যবৃদ্ধি নকৰিবলৈ সকিয়নী দিয়ে আৰু যোগান বিভাগকো এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায় । তেজপুৰ চহৰৰ প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ সকলো সামগ্ৰী নিৰ্ধাৰিত মূল্যতহে বিক্ৰী কৰিবলৈ দাবী জনায় সংগঠনটোৱে ।
লগতে পঢ়ক:চামগুৰিত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ