ETV Bharat / state

AASU felicitation programme: চতিয়াত আছুৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা - চতিয়াত আছুৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

দেওবাৰে সদৌ জামুগুৰি ছাত্ৰ সংস্থাৰ উদোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় (AASU felicitation ceremony at sootea) ৷ সম্বৰ্দ্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ।

AASU accords warm felicitation to meritorious students at Sootea in Sonitpur
চতিয়াত আছুৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
author img

By

Published : Sep 5, 2022, 2:23 PM IST

চতিয়া,4 ছেপ্তেম্বৰ: দেওবাৰে সদৌ জামুগুৰি ছাত্ৰ সংস্থাৰ উদোগত অনুষ্ঠিত হয় এখন বিশেষ অভিনন্দন অনুষ্ঠান (AASU felicitation programme at Sootea) ৷ অভিনন্দন অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰ ৷ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথৰ সঞ্চালনাত অনুষ্ঠিত সম্বৰ্দ্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (Felicitation to meritorious students) ।

সদৌ অসম কলেজ শিক্ষক সংস্থাৰ সম্পাদক ড৹ জয়ন্ত বৰুৱা সন্মানীয় অতিথি হিচাপে উপস্থিত থকা সভাত ভাষণ প্ৰসংগত মুখ্য অতিথি সমুজ্জ্বল ভট্টাচাৰ্যই ৰাজনৈতিক দল আৰু চৰকাৰে যেতিয়াই অসমৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ বাবে চিন্তা নকৰি ৰাইজৰ হিতে বিপৰীত দিশতহে চিন্তা কৰে তেতিয়াই সংগঠন সমূহ ৰাজপথলৈ যাব লগা হয় বুলি মন্তব্য কৰে ৷

চতিয়াত আছুৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

লগতে চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰিবই লাগিব বুলি কৈ শৈক্ষিক দিশত উঠি অহা প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হ’ব লাগিব বুলিও তেওঁ ভাষণত উল্লেখ কৰে । ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হ’ব পৰা কোনো কাম ছাত্ৰ সংস্থাই কেতিয়াও সহ্য নকৰে বুলি কৈ উপদেষ্টা গৰাকীয়ে চৰকাৰক ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায় ৷ অভিনন্দন অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক ছাত্ৰ সন্থাৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় (AASU accords felicitation students at Sootea) ৷

স্মৰণযোগ্য যে সদৌ জামুগুৰি ছাত্ৰ সংস্থাই প্ৰতিবছৰে অঞ্চলটোৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুক্ষাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনাই আহিছে ৷

লগতে পঢ়ক: BREAKING NEWS: মাজুলীৰ শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.