ETV Bharat / state

Protest for inclusion of non bodo villages : ২৫ খনকৈ অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তিৰ বিৰুদ্ধে গহপুৰত প্ৰতিবাদ - অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্ত

হেলেমৰ কাউৰীপথাৰৰ কাৰিবিল হাইস্কুল খেলপথাৰত প্ৰতিবাদী সভা ৷ ২৫ খনকৈ অবড়ো গাঁও বি টি আৰত অন্তৰ্ভুক্তিৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অনুষ্ঠিত কৰা হয় এই প্ৰতিবাদী সভাৰ (Protest meeting at Helem by AASAA) ৷ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদী সভাখনত ৷

Protest meeting by AASAA
অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তিৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Feb 21, 2023, 8:44 AM IST

অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তিৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ

বিশ্বনাথ, 21 ফেব্ৰুৱাৰী : ভুৱা জনগাঁঠনিৰ পৰিসংখ্যাৰে অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে ৰাজ্যত অনাবড়ো ৰাইজৰ মাজত অব্যাহত আছে প্ৰতিবাদ । চৰকাৰৰ এনে অবিবেচকী কাণ্ডৰ প্ৰতিবাদ জনায় প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে বিভিন্ন দল-সংগঠনে ৷ সোমবাৰে বিভিন্ন দল সংগঠনৰ লগতে অবড়ো ৰাইজে শোণিতপুৰ জিলাৰ হেলেমৰ উত্তৰাঞ্চলৰ কাউৰীপথাৰৰ কাৰিবিল হাইস্কুল খেলপথাৰত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ পশ্চিম ছয়দুৱাৰ আঞ্চলিক সমিতি(গহপুৰ)ৰ উদ্যোগত আৰু কাৰিবিল সচেতন নাগৰিক মঞ্চৰ সহযোগত এখন বিশাল জন জাগৰণ সভাৰ আয়োজন কৰে (All adivashi students association of Assam) ৷

জন জাগৰণ সভা তথা প্ৰতিবাদী কাৰ্যসূচীত স্বতঃস্ফুৰ্তভাৱে অংশগ্ৰহণ কৰে ২৫ খন ৰাজহ গাঁৱৰ সহস্ৰাধিক অবড়ো ৰাইজে (Protest meeting at Helem by AASAA) ৷ কাৰিবিল সচেতন নাগৰিক মঞ্চৰ সভাপতি দ্ৰোণ প্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত জনজাগৰণ সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দেৱেন ওৰাঙে ভুৱা জনগাঁথনিৰ পৰিসংখ্যাৰে অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্তি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল নকৰিলে আদিবাসী ছাত্র সন্থাই অনাগত দিনত প্ৰৱল গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে । ইফালে ৮০ শতাংশৰ ওপৰৰ বড়ো লোক নথকা উক্ত ২৫ খন গাঁও কি যুক্তিত বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া গভীৰ ৰহস্যৰ বিষয় বুলি সভাত উল্লেখ কৰে দেবেন ওৰাঙে ।

তদুপৰি ওৰাঙে এইখন চৰকাৰে নিজ খেয়াল খুচিমতে সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজৰ আৱেগ অনুভূতিক আঘাত হানি আহিছে বুলি চৰকাৰৰ বিৰুদ্ধে খেদ প্ৰকাশ কৰে । কাৰিবিল সচেতন নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক ক্ৰেতফিল ভেংৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি উক্ত ২৫ খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ সংক্ৰান্তত যিখন তালিকা ইতিমধ্যে প্ৰকাশ পাইছে সেইখন তালিকাত উক্ত ২৫ খন গাঁৱত ১০০ শতাংশ বড়ো সম্প্ৰদায়ৰ লোক থকা বুলি প্ৰকাশ পাইছে ৷ অৱশ্যে চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে, উক্ত ২৫ খন গাঁৱত বড়ো সম্প্ৰদায়ৰ লোকতকৈ অবড়ো লোকৰহে বিশেষভাৱে প্ৰাধান্য আছে । তেনেক্ষেত্ৰত চৰকাৰী তথ্যক চেৰাই গৈ সম্পূৰ্ণ ভুল তথ্যৰে উক্ত ২৫ খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ লোৱা পদক্ষেপক প্ৰতিবাদী সভাই তীব্ৰ ভাষাৰে গৰিহণা দিয়ে (Protest for inclusion of non bodo villages ) ।

উল্লেখ্য যে, গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীমৰা, মৰাচেঙেলী, কাৰিগেৰাজ, পুৰণি গেৰাজ, পুৰণিগেৰাজ কছাৰি, আমজাৰনি, ৰঙাজান, হেলেমচাপৰি, কাৰিবিল নেপালি, ভেলোৱাডাঙা, দুলুংমুখ, ননকে কাৰিবিল, উত্তৰ কাৰিবিল, কাৰিবিল, কাৰিবিল কছাৰি, চিৰাজুলি, কেমাইজাৰণিকে ধৰি অবড়ো লোকৰ সংখ্যাগৰিষ্ঠা থকা ২৫ খনকৈ গাঁও বিটিআৰত অন্তৰ্ভুক্তি কৰিবলৈ প্ৰকাশ হোৱা এখন তালিকাক লৈ ব্যাপক উত্তেজনাই বিৰাজ কৰি আছে হেলেম ৰাজহ চক্ৰ এলেকাৰ ২৫ খন গাঁৱৰ অবড়ো ৰাইজৰ মাজত ।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৮০ শতাংশতকৈ ওপৰৰ বড়োলোক বসবাস কৰা গাঁওসমূহ বিটিআৰত অন্তৰ্ভুক্তি হ'ব বুলি ঘোষণা কৰাৰ পাছত নিৰ্ধাৰিত পৰিসংথ্যতকৈ কম তথা বড়ো সম্প্ৰদায়ৰ লোক নথকা গাঁওসমূহ কেনেকৈ বিটিআৰত অৰ্ন্তভুক্ত কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে তাকে লৈ অবড়ো ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰশ্নৰ । জনজাগৰণ সভাখনৰ আঁত ধৰে সক্ৰিয় ৰাজহুৱা কৰ্মী জীতেন বৰপূজাৰীয়ে ৷

সোমবাৰৰ প্ৰতিবাদী সভাখনত চৰকাৰৰ জনসাধাৰণ বিৰোধী সিদ্ধান্তক কঠোৰ ভাষাৰে গৰিহণা দি চৰকাৰে উক্ত সিদ্ধান্ত সলনি নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকীয়নি প্ৰদান কৰে প্ৰতিবাদী সভাই । সভাখনত উপস্থিত প্ৰতিবাদী ৰাইজে হাতে হাতে 'আমাক শান্তি লাগে,' 'আমাৰ দাবী ন্যায্য দাবী,' 'বিটিআৰত অবড়ো গাঁও অন্তৰ্ভুক্ত নকৰিব', জাতি-মাটি-ভেটি ক’লৈ গ’ল আদি প্ৰতিবাদী শ্ল’গান সম্বলিত প্লেকাৰ্ড, পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : Child marriage case : বাল্যবিবাহৰ সৰ্বাধিক গোচৰ ৰুজু হোৱা ৰাজ্যৰ ভিতৰত আছে অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.