ETV Bharat / state

Sonitpur Bandh:বিটিআৰত অন্তৰ্ভুক্তৰ প্ৰতিবাদত আদিবাসী ছাত্ৰ সংগঠনৰ শোণিতপুৰ বন্ধ - AATSA calls Sonitpur Bandh

আজি আছা-আটছাই আহ্বান জনোৱা ১২ ঘন্টীয়া শোণিতপুৰ বন্ধত মিশ্ৰিত প্ৰভাৱ পৰিছে । বিটিআৰত অন্তৰ্ভুক্তৰ প্ৰতিবাদত এই বন্ধ । শোণিতপুৰ জিলাৰ দুখন গাঁও চৰকাৰে বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত এই বন্ধৰ আহ্বান জনোৱা হৈছে (AASA AATSA protest in Sonitpur) ।

AASA AATSA protest in Sonitpur
শোণিতপুৰত আছা-আটছাৰ প্ৰতিবাদ
author img

By

Published : Jan 28, 2023, 11:34 AM IST

তেজপুৰ, ২৮ জানুৱাৰী: আদিবাসী ছাত্ৰ সংগঠন আছা আৰু আটছাই শণিবাৰে আহ্বান জনোৱা ১২ ঘণ্টীয়া শোণিতপুৰ জিলাৰ বন্ধৰ প্ৰভাৱ জিলাখনৰ বিভিন্ন অঞ্চলত পৰা দেখা গৈছে (AASA calls Sonitpur Bandh)। ৰাজ্য়খনৰ প্ৰায় 60 খন গাঁও অসম চৰকাৰে বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰতিবাদত আদিবাসী সংগঠন দুটাই আজি এই বন্ধৰ আহ্বান জনাইছে (AATSA calls Sonitpur Bandh)। এই বন্ধৰ ফলত বিন্দুকুৰীৰ লগতে ৰঙাপৰা,বালিপৰা আদিত জন জীৱন স্তব্ধ হৈ পৰিছে । ইপিনে,জিলা সদৰ তেজপুৰৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত ইয়াৰ মিশ্ৰিত প্ৰভাৱ পৰিছে (Mixed effect of Sonitpur Bandh) ।

শুক্ৰবাৰে ঢেঁকীয়াজুলি আৰু চাৰিদুৱাৰত এই বিষয়ে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আজি এই বন্ধ ঘোষণা কৰে আছাই । আনহাতে, আটছাই এই বন্ধৰ প্ৰতি পূৰ্ণ সঁহাৰি জনোৱা বুলি জিলা সভাপতি পংকজ নায়কে কয় । জিলা দণ্ডাধীশে জিলাখনৰ সকলো ৰাজহ চক্ৰ বিষয়াক আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্য়ৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । আনহাতে, জিলাখনৰ বিভিন্ন ঠাইত বৃহৎ সংখ্য়ক আৰক্ষী বাহিনী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছে ।

শুক্ৰবাৰে শোণিতপুৰত চাৰিদুৱাৰ ফ'ৰেষ্ট গেটত অবড়ো লোকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল (Non Bodo protest at Chariduwar Forest Gate)। ভালুকপুং-বালিপৰা সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে অসম-অৰুণাচল প্ৰদেশৰ ঘাইপথ অৱৰোধ কৰে । উল্লেখ্য় যে বড়োভূমিত অন্তৰ্ভুক্ত হৈছে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ দুখন বনগাঁও । এই বনগাঁও দুখন হৈছে চতাই ৯ মাইল আৰু এৰালিলগা । কিন্ত এটা ভুল ধাৰণা চতিয়া সমষ্টিৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ লোকৰ মাজত প্ৰচাৰ হোৱাত অবড়ো লোকসকল ক্ষুব্ধ হৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য় যে গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিলৈকে কেইবাখনো গাঁও বিটিআৰ চুক্তিৰ অন্তৰ্ভুক্ত কৰা হৈছে । এই ঘোষণাৰ পিছতে শুক্ৰবাৰে চাৰিদুৱাৰ বড়ো অঞ্চলত জনসাধাৰণৰ মাজত এক আনন্দমুখৰ পৰিবেশৰ সৃশিটি হয় । ইপিনে,ইয়াৰ প্ৰতিবাদত বিয়লি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে অবড়ো সংগঠনে । পিছত স্থানীয় বিধায়ক পদ্ম হাজৰিকা ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক আশ্বাস প্ৰদান যে সমগ্ৰ চাৰিদুৱাৰ অঞ্চল এই বিটিআৰত অন্তৰ্ভুক্ত হোৱা নাই । চতিয়া সমষ্টিৰ মাত্ৰ চাৰিদুৱাৰৰ দুখন গাঁও আৰু জয়সিদ্ধিৰ তিনিখন গাঁও এই চুক্তিৰ আধাৰত অন্তৰ্ভুক্ত কৰা হৈছে । তাৰবাবে ৰাইজে চিন্তা কৰিব নালাগে বুলি তেওঁ প্ৰতিবাদী লোকক আশ্বাস প্ৰদান কৰে ।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গণৰাজ্য দিৱসৰ ভাষণত ঘোষণা কৰিছিল যে বড়ো চুক্তি স্বাক্ষৰ অসমৰ ইতিহাসৰ এক মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে । এতিয়া এই চুক্তিৰ অধীনত শোণিতপুৰ জিলাৰ ঢেঁকীয়াজুলিৰ পৰা গহপুৰলৈকে নিৰ্ধাৰিত ১০০ শতাংশ বড়ো লোকৰ বসতি গাঁও এই চুক্তিৰ আধাৰত সন্নিবিষ্ট কৰা হৈছে । শোণিতপুৰ জিলাৰ উত্তৰ পাৰত বাস কৰা এই বড়ো অধ্যুষিত অঞ্চলত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৰ নেতৃত্বত এই বিষয়টোক লৈ দাবী উত্থাপন কৰি আহিছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ঢেঁকীয়াজুলি, চতিয়া ,বিশ্বনাথ, বিহালী আৰু গহপুৰৰ বিস্তৃত বড়ো অধ্যুষিত গাঁও এই চুক্তিৰ আধাৰত অন্তৰ্ভুক্ত হ'ব । ২০২০ চনৰ বড়ো চুক্তিৰ সংশোধিত আধাৰত মুঠ 60 খন গাঁৱৰ ভিতৰত 43 খন ৰাজহ গাঁও আৰু 17 খন বনগাঁও এই চুক্তিৰ আধাৰত সন্নিবিষ্ট কৰা হৈছে ।

লগতে পঢ়ক:Assam Electoral Roll 2023: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে প্ৰকাশ পালে জোনাই মহকুমাৰ চুড়ান্ত ভোটাৰ তালিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.