ETV Bharat / state

চাহ শ্ৰমিকৰ প্ৰাপ্য বিচাৰি শোণিতপুৰত আছাৰ প্ৰতিবাদ - জিলা উপায়ুক্ত

শেহতীয়াকৈ বিভিন্ন কোম্পানীসমূহে চাহ শ্ৰমিকক 20% বোনাছ দিব পৰা নাযাব বুলি কৰা ঘোষণাৰ পিচতে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ৷ মঙলবাৰে শোণিতপুৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

চাহ শ্ৰমিকৰ প্ৰাপ্য বিচাৰি শোণিতপুৰত আছাৰ প্ৰতিবাদ
author img

By

Published : Sep 3, 2019, 7:23 PM IST

তেজপুৰ, 3 ছেপ্তেম্বৰঃ চাহ শ্ৰমিকৰ মজুৰিক লৈ ৰাজনীতি খেলা বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম অদিবাসী ছাত্ৰ সন্থাই ৷ শেহতীয়াকৈ বিভিন্ন কোম্পানীসমূহে চাহ শ্ৰমিকক 20% বোনাছ দিব পৰা নাযাব বুলি কৰা ঘোষণাৰ পিচতে শোণিতপুৰ জিলাত প্ৰতিবাদ কৰে ছাত্ৰ সংগঠনটোৱে ৷ মঙলবাৰে শোণিতপুৰ জিলা সমিতিয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

চাহ শ্ৰমিকৰ প্ৰাপ্য বিচাৰি শোণিতপুৰত আছাৰ প্ৰতিবাদ

শোণিতপুৰ আছাৰ নেতা মেলখাচ টপ্পই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "কোম্পানীসমূহে বেলেন্সশ্বীট প্ৰকাশ নকৰাকৈ সংবাদমেল অনুষ্ঠিত কৰি শ্ৰমিকৰ মজুৰিত 20% বোনাচ দিব পৰা নাযাব বুলি কৈছে ৷ মালিকগোষ্ঠীৰ সহায় হোৱাকৈ চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত একমাত্ৰ ৰাজনৈতিক মুনাফা আদায়ৰ সৈতে জড়িত হৈ আছে ৷ নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলক এন্ড্ৰইড ফোনৰ লগতে অন্যান্য বিভিন্ন ঘোষণা কৰিছিল বিজেপি চৰকাৰে ৷ কিন্তু নিৰ্বাচন হৈ যোৱাৰ পিচতেই নীৰৱতা অৱলম্বন কৰিছে চৰকাৰে ৷ চৰকাৰে মজুৰি চুক্তিৰ আধাৰত শ্ৰমিকক এইদৰে বঞ্চিত কৰি পেটে-ভাতে মাৰিব খোজা ষড়যন্ত্ৰক তীব্ৰ গৰিহণা প্ৰদান কৰিছো ৷"

আনহাতে শোণিতপুৰ আছাৰ আন এগৰাকী শীৰ্ষনেতা জইদিপলাং টপ্পই টীয়কত সংঘটিত হোৱা ডাক্তৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা ব্যক্তিক চৰকাৰে শীঘ্ৰেই উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি কয় ৷ বাগিছাৰ শ্ৰমিকসকলৰ মাজত অন্যান্য সুবিধাৰ লগতে উপযুক্ত শিক্ষাৰ অভাৱত এনেকুৱা ঘটনা সংঘটিত হৈছে ৷ তেওঁ লগতে কয় যে, চৰকাৰে এনেকুৱা ঘটনা প্ৰতিহত কৰিবলৈ বাগিছাসমূহত শিক্ষাৰ লগতে অন্যান্য সুবিধাসমূহ প্ৰদান কৰিব লাগে ৷

Intro:তেজপুৰ,৩আগষ্ট: সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা) শোণিতপুৰ জিলা সমিতিয়ে কোম্পানী সমূহে চাহ বাগিচা শ্ৰমিকৰ ২০% বনাছ দিব পৰা নহয় বুলি ঘোষণা কৰাৰ প্ৰতিবাদত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
আজি শোণিতপুৰ জিলা উপযুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Body:কোম্পানীৰ সমূহে Banancesheet প্ৰকাশ নকৰাকৈ সাংবাদমেল অনুষ্ঠিত কৰি শ্রমিকক ২০% দিব পৰা নহয় বুলি ঘোষণা কৰে । আছা ই কয় যে মালিক গোষ্টীয়ে কোনোদিনে তেওঁলোকৰ লাভ হোৱা বুলি স্বীকাৰ নকৰে আৰু এই ক্ষেত্ৰত চৰকাৰে নীৰৱতা অৱলম্বন কৰা ৰ সুযোগ গ্ৰহণ কৰিছে মালিক গোষ্ঠীয়ে ।

চৰকাৰে প্ৰথমে মজুৰি বৃদ্ধিৰ চুক্তিৰ আধাৰত আৰু বৰ্তমান২০% বোনাচ ৰ পৰা বঞ্চিত কৰি পুনৰবাৰ শ্ৰমিক সকলৰ পেটে ভাতে মাৰিব খোজা কাৰ্যক গৰিহণা দিয়ে ।

Bite: মেলখাচ টপাপ

Conclusion:আছা ই পুনৰ কয় যে চৰকাৰে চাহ শ্ৰমিকৰ মাজত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি ৰে শাসনৰ গাদী দখল কৰা পৰিবৰ্তন কামী চৰকাৰখনে চাহ শ্ৰমিকৰ মাজত ৫০০০/-টকা আৰু এন্দ্ৰইড মোবাইল বিতৰণ কৰিলেই চাহ শ্ৰমিকৰ সমস্যা সমাধান হৈ যাব ভাৱি নাথাকি অতি শীঘ্ৰে সৰু বৰ সকলো বাগিচাৰ শ্রমিকক নিৰ্ধাৰিত দিনৰ আগতেই ২০% বোনাচ আদায় দিবলৈ দাবী জনায় ।
Bite: জইদিপলাং টপপ
আনহাতে আছা ই ডাক্তৰ হত্যা ৰ দুষিক শীঘ্ৰে শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী জনায়।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৩/৯/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.