চতিয়া,৬ মাৰ্চঃ চতিয়া থানাৰ অন্তৰ্গত বালিজুৰিত বৃহস্পতিবাৰে নিশা এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনা ৷ এই আত্মহত্যাৰ ঘটনাক পৰিকল্পিত হত্যা বুলি দাবী কৰিছে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷
উল্লেখ্য যে, পল্লৱী কাফলে নামৰ দুটি সন্তানৰ মাতৃ মৃত মহিলা গৰাকীৰ স্বামী কৰ্মসূত্ৰে ৰাছিয়াত থাকে আৰু মাত্ৰ দুই তিনিদিন পূৰ্বে ঘৰলৈ আহিছিল ৷ কিন্তু ইয়াৰ পিছতে অৰ্থাৎ যোৱা শুকুৰবাৰে নিশা মৃত্যুক সাৱটি লয় মহিলা গৰাকীয়ে ৷ জানিব পৰা মতে, স্বামী প্ৰদীপ কাফলেৰ লগত পত্নীৰ দীৰ্ঘদিনৰ পৰাই সম্পৰ্ক ভাল নাছিল ৷ অভিযোগ অনুসৰি স্বামী প্ৰদীপ কাফলেয়ে দীৰ্ঘদিনৰ পৰা পল্লৱী কাফলেক মানসিক আতিশয্য চলাই আহিছিল ৷
শুকুৰবাৰে মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্বামীগৃহলৈ অনাৰ পাছতে সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ শ শ লোকে মৃত মহিলা গৰাকীৰ স্বামীগৃহত উপস্থিত হৈ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে ৷ উত্তেজিত ৰাইজে তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি স্বামীগৃহৰ চোতালতে মৃতদেহ সৎকাৰ কৰাৰ চেষ্টা চলায় ৷ অৱশ্যে দীৰ্ঘ সময় বাক-বিতণ্ডাৰ অন্তত চতিয়া আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
চতিয়া আৰক্ষীয়ে ইতিমধ্যে মৃত মহিলা গৰাকীৰ স্বামী প্ৰদীপ কাফলেক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ প্ৰদীপ কাফলে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকে ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷
লগতে পঢ়কঃ Covid-১৯ ৰ প্ৰতিষেধক গ্ৰহণ দালাই লামাৰ