ETV Bharat / state

চতিয়াৰ এখন জল বন্দী গাওঁ: 12 বছৰে হৈ নুঠিল দলং - A water logged village in Satia

2012 চনৰ পৰা 2021 লৈ দিছপুৰত দুখনকৈ চৰকাৰ সলনি হ'ল ৷ কিন্তু সমস্যাৰ ওৰ নপৰিল চতিয়াৰ 2 নং আধাভেটী মিৰিসূঁতি মূখ অঞ্চলৰ ৰাইজৰ ৷ বিগত 10 বছৰে এখন দলঙৰ বাবে যমৰ যাতনা ভুগিছে অঞ্চলবাসীয়ে ৷

a-water-logged-village-in-sootea-bridge-has-not-been-completed-for-12-years
চতিয়াৰ এখন জল বন্দী গাওঁঃ 12 বছৰে হৈ নুঠিল দলং
author img

By

Published : Aug 27, 2021, 9:55 PM IST

চতিয়া,27 আগষ্ট: এখন দলঙৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে চতিয়াৰ 2 নং আধাভেটী মিৰিসূঁতি মূখৰ অঞ্চলবাসীয়ে ৷ মিৰিসূঁতি মূখত নিৰ্মীয়মান অৱস্থাত থকা কাঠৰ দলংখন দীৰ্ধদিন ধৰি সম্পূৰ্ণ হৈ নুঠাত এতিয়া টুলুঙা নাও আৰু কলৰ ভূঁৰেৰে যাতায়ত কৰিবলগীয়া বৃহৎ অঞ্চলটোৰ ৰাইজে ৷ অঞ্চলবাসীৰ দুৰ্দশা দেখিলে প্ৰতিগৰাকী সচেতন লোকৰ মনত স্বাভাৱিকতেই এটা প্ৰশ্নৰ উদয় হ'ব যে, উন্নয়নৰ ঢাক-ধোল বজোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ চকুত নপৰে নেকি এনেবোৰ অঞ্চল ?

উল্লেখ্য যে, চতিয়াৰ 2 নং আধাভেটী মিৰিসূঁতি মূখত 2012 চনলৈকে আছিল এখন কাঠৰ দলং ৷ কিন্তু 2012 চনত অহা প্ৰলয়ংকাৰী বানে সেই দলংখন উটুৱাই লৈ যায় ৷ তাৰ পাছত সেই ঠাইত পুনৰ দলং নিৰ্মাণৰ বাবে বিভাগৰ তৰফৰ পৰা খুটা পুতিলে ৷ কিন্তু দুখৰ বিষয় যে, প্ৰায় 10 টা বছৰ পাৰ হোৱাৰ পাছতো দলং খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহল ৷ ফলত বৰ্তমান জলবন্দী হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

চতিয়াৰ এখন জল বন্দী গাওঁঃ 12 বছৰে হৈ নুঠিল দলং

অঞ্চলটোত বাস কৰা ৰাইজৰ বাবে এতিয়া টুলুঙা নাও আৰু কলৰ ভূঁৰেই হৈ পৰিছে যাতায়তৰ বাবে একমাত্ৰ সম্বল ৷ ৰোগীক চিকিৎসালয়ৰ ক্ষেত্ৰত প্ৰধানকৈ সমস্যাত পৰিছে অঞ্চলটোৰ ৰাইজ ৷

আনহাতে অঞ্চলটোৰ ৰাইজে বহুবাৰ জনপ্ৰতিনিধিক বিষয়টো অৱগত কৰিছে যদিও তেঁওলোকে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ দলং খন হ'ব হ'ব বুলি অপেক্ষা কৰি অতীষ্ঠ হৈ পৰিছে অঞ্চটোৰ ৰাইজ ৷ দিছপুৰত দুবাৰকৈ চৰকাৰ সলনি হ'ল যদিও সমস্যা একেই থাকিল অঞ্চলটোৰ ৰাইজৰ ৷ উপায়ন্তৰ হৈ সংবাদমাধ্যমৰ জৰিয়তে অঞ্চলটোত শীঘ্ৰে এখন কাঠৰ দলং নিৰ্মাণ কৰি দিবলৈ স্থানীয় বিধায়ক আৰু অসমৰ মূখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে ৰাইজে ৷

লগতে ঐতিহাসিক ঘুঁণাসূতিত ভদিয়া বানৰ সংহাৰী ৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.