ETV Bharat / state

জামুগুৰিহাটৰ বিশিষ্ট নাট্যশিল্পী বলদেৱ শইকীয়াৰ বাসগৃহত যতীন বৰা

author img

By

Published : Oct 15, 2020, 12:29 PM IST

বিশিষ্ট নাট্যশিল্পী, ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰবীন অভিনেতা বলদেৱ শইকীয়াৰ কৰ্মৰাজিলৈ সন্মান প্ৰদৰ্শন অভিনেতা যতীন বৰাৰ । প্ৰবীন অভিনেতাগৰাকীৰ জামুগুৰিহাটৰ বাসগৃহত উপস্থিত হৈ 'ৰত্নাকৰ' ছবিৰ কলা-কুশলীয়ে সম্বৰ্ধনা জনায় ।

বিশিষ্ট নাট্যশিল্পী বলদেৱ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন 'ৰত্নাকৰ' ছবিৰ কলা-কুশলীৰ

চিটাৰা ডেস্ক, ১৫ অক্টোবৰ: ভ্ৰাম্যমাণ নাট্য জগতত ৬০ৰ দশকৰ পৰাই বলিষ্ঠ অভিনয়ৰে দৰ্শকক মোহাচ্ছন্ন কৰি ৰখা বিশিষ্ট নাট্যশিল্পী, প্ৰবীন অভিনেতা বলদেৱ শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে যতীন বৰাসহ 'ৰত্নাকৰ' ছবিৰ কলা-কুশলীয়ে । বুধবাৰে বলদেৱ শইকীয়াৰ শোণিতপুৰৰ জামুগুৰিহাটৰ বাসগৃহত সপত্নীক যতীন বৰা আৰু 'ৰত্নাকৰ' ছবিৰ কলা-কুশলীসকল উপস্থিত হয় । প্ৰবীন অভিনেতাগৰাকীয়ে নাট্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মান প্ৰদৰ্শন কৰি সম্বৰ্ধনা জনায় 'ৰত্নাকৰ' ছবিৰ কলা-কুশলীসকলে । ফুলাম গামোছা, শৰাই, জাপি, প্ৰশস্তিপত্ৰ আৰু কিছু পৰিমাণে ধন আগবঢ়ায় ।

অসমীয়া বোলছবি 'ৰত্নাকৰ'ৰ শুভমুক্তিৰ পিছতে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল । যোৱা ১১ অক্টোবৰত ছবিখন মুক্তি দিয়াৰ এটা বছৰ সম্পূৰ্ণ হৈছে । 'ৰত্নাকৰ' ছবিৰ কলা-কুশলীসকলে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰবীন শিল্পীসকলক নৱ প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ লগতে তেওঁলোকৰ অভিনয়, কলাক জীয়াই ৰখাৰ স্বাৰ্থত এক পদক্ষেপ গ্ৰহণ কৰিছিল ৷ তাৰেই অংশস্বৰূপে বিশিষ্ট নাট্যশিল্পী বলদেৱ শইকীয়াক সম্বৰ্ধনা জনোৱা হয় । সৰু হৈ থাকোঁতে বলদেৱ শইকীয়াৰ অভিনয়ত অভিভূত হৈ পৰিছিল বুলিও ব্যক্ত কৰে অভিনেতা যতীন বৰাই ।

উল্লেখ্য যে, প্ৰবীণ অভিনেতাগৰাকীয়ে বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ইতিমধ্যে মুনলাইত মিডিয়া বঁটা, অসম নাট্য সন্মিলন বঁটা, উগ্ৰ মেনা বঁটাৰ লগতে চলিত বৰ্ষত গিয়াচুদ্দিন আহমেদ স্মাৰক বঁটাও লাভ কৰিছে । প্ৰণিধানযোগ্য যে, ১৯৩২ চনত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত জন্ম গ্ৰহণ কৰা বলদেৱ শইকীয়াই 'নিৰ্বাসন' নামৰ নাটকত অভিনয়ৰ জৰিয়তে অভিনয় জগতত খোজ পেলায় আৰু ১৯৬৩ চনত ভ্ৰাম্যমাণৰ জনক অচ্যুত লহকৰ প্ৰযোজিত নটৰাজ থিয়েটাৰৰ যোগেদি পেছাগতভাৱে অভিনয় জীৱনৰ পাতনি মেলিছিল আৰু ২০০ খনৰো অধিক নাটকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে বলদেৱ শইকীয়াই ৷

লগতে পঢ়ক:JEE পৰীহ্মাৰ্থী সকলৰ বাবে সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.