ETV Bharat / state

জামুগুৰিহাটত সতীৰ্থই হত্য়া কৰিলে ধুবুৰীৰ আমিৰুলক - jamugurihat news

জামুগুৰিহাটত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ সতীৰ্থই হত্যা কৰিলে এগৰাকী টাইলছ মিস্ত্ৰীক ৷ হত্যাৰ পিছত মৃতদেহ লুকুৱাই থ’লে মেটেকাৰ তলত ৷

জামুগুৰিহাটত সতীৰ্থই হত্য়া কৰিলে ধুবুৰীৰ আমিৰুলক

author img

By

Published : Nov 8, 2021, 7:10 PM IST

চতিয়া, ৮ নৱেম্বৰ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ সতীৰ্থই হত্যা কৰিলে এগৰাকী টাইলছ মিস্ত্ৰীক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জামুগুৰিহাটৰ মাজগাঁৱলৈ আহিছিল ধুবুৰীৰ ফকীৰগঞ্জৰ আমিৰুল ইছলাম নামৰ এগৰাকী 30 বছৰীয়া ব্যক্তি ৷ আমিৰুলৰ সৈতে একেলগে আছিল ইছপ আলী, মকৰম আলী আৰু আব্দুল মটালিফ নামৰ আন তিনিগৰাকী ব্যক্তি ৷

বিগত 2 নৱেম্বৰত আমিৰুলৰ সৈতে আন তিনিগৰাকী মিস্ত্ৰীৰ কিবা কাৰণত মতানৈক্য ঘটে ৷ এই মতানৈক্যই চূড়ান্ত পৰ্যায় লাভ কৰাত মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় আমিৰুলে ৷ বিগত প্ৰায় এসপ্তাহ পূৰ্বে সংঘটিত এই হত্যাকাণ্ডৰ কথা দেওবাৰে নিশাহে পোহৰলৈ আহে ৷

জামুগুৰিহাটত সতীৰ্থই হত্য়া কৰিলে ধুবুৰীৰ আমিৰুলক
মৃত আমিৰুল ইছলাম

প্ৰকৃততে সতীৰ্থ তিনিগৰাকীয়ে আমিৰুলক হত্যা কৰি মৃতদেহটো সমীপৰে এটা পুখুৰীৰ মেটেকাৰ তলত লুকুৱাই থয় ৷ তাৰ পিছত তিনিও গৰাকীয়ে আমিৰুল সন্ধানহীন হোৱাৰ অভিনয় কৰি জামুগুৰি থানাত দাখিল কৰে এজাহাৰ ৷

আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত মিস্ত্ৰী তিনিজনে আমিৰুলক হত্যা কৰাৰ কথা পোহৰলৈ আনে আৰু দেওবাৰে নিশা আমিৰুলৰ মৃতদেহটো পুখুৰীৰ পৰা উদ্ধাৰ কৰে ৷ প্ৰায় এসপ্তাহে পুখুৰীত থকা মৃতদেহটো অৰ্ধগলিত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ৷ তদুপৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইছপ আলীক জেৰা কৰাত আমিৰুলক হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷

ইছপৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে মকৰম আলী আৰু আব্দুল মটালিফক আটক কৰে ৷ আটকাধীন আটাইকেইজন মিস্ত্ৰীৰ ঘৰ ধুবুৰীৰ ফকিৰগঞ্জত বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

লগতে চাওক: ক’লৈ গ’ল দুটাকৈ সন্তানৰ মাতৃ মঞ্জু গয়াৰী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.