ৰঙাপৰা,৩ মে': শোণিতপুৰৰ মিছামাৰীত শুকুৰবাৰে উদ্ধাৰ হয় এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ । মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিজয় নগৰৰ কেবিউছ তপ্ন বুলি চিনাক্তকৰণ কৰে পৰিয়ালৰ লোকে। যোৱা শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন । যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি সোণাই ৰূপাই অভয়াৰণ্যৰ ঘোৰ জংঘলত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
উল্লেখ্য যে মিছামাৰীৰ আজাৰবাৰীত শুকুৰবৰীয়া বজাৰলৈ যুৱকজন পৰিয়ালৰ সৈতে আহিছিল । আৰু তাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰিছিল যুৱকজন ।
মিছামাৰীৰ উক্ত অঞ্চলটোত চলি থকা অবৈধ সুৰাৰ বাবে অসামাজিক আৰু হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ অহা বুলি আটছাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি সুৰেশ তাঁতীয়ে অভিযোগ তোলে । ইফালে ঘটনাস্থলীত মিছামাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে ।