ETV Bharat / state

PM Awas Yojana:শোণিতপুৰত ৬৪৭৫ টা সম্পূৰ্ণ PMAY G গৃহ উদ্বোধন - শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

ৰাজ্যজুৰি গৃহ প্ৰৱেশ অনুষ্ঠানৰ অংশস্বৰূপে শোণিতপুৰ জিলাত মুঠ ৬৪৭৫ টা সম্পূৰ্ণ PMAY-G উদ্বোধন কৰা হয় । বালিপাৰা উন্নয়ন খণ্ডত ১২৮১ টা, বিহগুৰি উন্নয়ন খণ্ডত ৫৩০ টা, বৰছলা উন্নয়ন খণ্ডত ১৪৭৪ টা, ঢেকীয়াজুলি উন্নয়ন খণ্ডত ১৫১২ টা, গাভৰু উন্নয়ন খণ্ডত ১৪৩১ টা, নদুৱাৰ উন্নয়ন খণ্ডত ১৭৩ টা আৰু ৰঙাপাৰা উন্নয়ন খণ্ডত ৭৪ টা ৷

6475 complete PMAY G inaugurated in Sonitpur
৬৪৭৫ টা সম্পূৰ্ণ PMAY G উদ্বোধন
author img

By

Published : Jul 13, 2023, 11:00 PM IST

তেজপুৰ, ১৩ জুলাই : বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ (পিএমএৱাই-জি) অন্তৰ্গত ৩ লাখ বাসগৃহ উদ্বোধন কৰা হয় সমগ্ৰ ৰাজ্যত ৷ ইয়াৰ অংশ হিচাবে শোণিতপুৰৰ ৰঙাপাৰা উন্নয়ন খণ্ডতো কেইবা হাজাৰো বাসগৃহ উদ্বোধনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ ৰঙাপাৰাৰ অন্তৰ্গত বৰজুলি ৩ নং গাঁও পঞ্চায়তত পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।

6475 complete PMAY G inaugurated in Sonitpur
৬৪৭৫ টা সম্পূৰ্ণ PMAY G উদ্বোধন

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ শোণিতপুৰ জিলাতো গৃহপ্ৰৱেশ অনুষ্ঠানৰ অংশ হিচাবে মুঠ ৬৪৭৫ টা সম্পূৰ্ণ PMAY-G উদ্বোধন কৰা হয় । উন্নয়ন খণ্ড অনুসৰি জিলাখনত উদ্বোধন কৰা এনে বাসগৃহৰ সংখ্যা এনেধৰণৰ- বালিপাৰা উন্নয়ন খণ্ডত ১২৮১ টা, বিহগুৰি উন্নয়ন খণ্ডত ৫৩০ টা, বৰছলা উন্নয়ন খণ্ডত ১৪৭৪ টা, ঢেকীয়াজুলি উন্নয়ন খণ্ডত ১৫১২ টা, গাভৰু উন্নয়ন খণ্ডত ১৪৩১ টা, ন-দুৱাৰ উন্নয়ন খণ্ডত ১৭৩ টা আৰু ৰঙাপাৰা উন্নয়ন খণ্ডত ৭৪ টা ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে সমগ্ৰ শোণিতপুৰ জিলাৰ কেইবাটাও প্ৰান্তত একেধৰণৰ কেইবাটাও গৃহ প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানসমূহত মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱ লোচন দাস, স্থানীয় বিধায়কসকল, অধ্যক্ষ জেড পি চি, চি ই অ', জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াকে আদি কৰি জিলাখনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে ৷

স্মৰ্তব্য যে, প্রধানমন্ত্ৰী আৱাস যোজনাৰ (গ্রামীণ) অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ ৩,০৭,৮১৪টা পৰিয়ালে একেলগে গৃহ প্ৰৱেশ কৰে । গৃহ প্ৰৱেশৰ এই বৃহৎ কাৰ্যসূচীৰ বাবে বৃহস্পতিবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । ইতিমধ্যে ৰাজ্যখনত আৱণ্টিত ১৯,১০,৮২৩টা ঘৰৰ ভিতৰত ১২,৪৩,৫৮৪টা ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে ।

লগতে পঢ়ক: PM Awas Yojana: প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যৰ তিনি লক্ষাধিক লোকৰ গৃহ প্ৰৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.