তেজপুৰ,২২ মে' : শুকুৰবাৰে পুনৰ তেজপুৰত ৬ জন ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি । বৰ্তমান পৰ্যন্ত তেজপুৰত COVID-19 ত আক্ৰান্তৰ সংখ্যা মুঠ ১৩ জন বুলি সদৰী কৰে জিলা প্ৰশাসনে ।
তাৰোপৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় বিদ্যালয়ৰ মাণ্ডলিক কোৱাৰেন্টাইন চেন্টাৰত থকা মুঠ ১৭ জন বহিঃৰাজ্যৰ পৰা অহা লোকৰ দেহত COVID-19 উপস্থিতি পোৱা গৈছে বুলি জানিবলৈ দিয়ে ৷ আৰু এই মুহুৰ্তলৈকে তেজপুৰ মেডিকেল কলেজত COVID-19 ত আক্ৰান্ত ১৮ জন ৰোগী চিকিৎসাধীন হৈ আছে বুলি সদৰী কৰে ।