ETV Bharat / state

কঁহৰাত কোষাগাৰৰ পৰা 482 টা গঁড়ৰ খড়্গৰ পৰীক্ষা

author img

By

Published : Sep 8, 2021, 12:31 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) কঁহৰা অঞ্চলত দুদিনীয়া কাৰ্যসূচীৰে গঁড়ৰ খড়্গ(Rhino Horn) পুনৰীক্ষণ কৰা হৈছে ৷ অঞ্চলটোত গঁড়ৰ খড়গ পৰীক্ষা কৰি কোষাগাৰৰ পৰা 482 টা খড়গ পোৱা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে জানিবলৈ দিয়ে ।

rhino horn test in kohora
কঁহৰাত গঁড়ৰ খড়্গৰ পৰীক্ষা

তেজপুৰ, 8 ছেপ্তেম্বৰ : সমগ্ৰ ৰাজ্যতে অব্যাহত আছে গঁড়ৰ খড়্গ(Rhino Horn) পুনৰীক্ষণ ব্যৱস্থা । কঁহৰা অঞ্চলত দুদিনীয়া কাৰ্যসূচীৰে গঁড়ৰ খড়গ পৰীক্ষা কৰি কোষাগাৰৰ পৰা 482 টা খড়গ পোৱা গৈছে । ইতিমধ্যে অসমত প্ৰায় 2500 টাৰো অধিক গঁড়ৰ খড়্গ উদ্ধাৰ কৰি ন্যায়িক জিম্মাত সংৰক্ষণ কৰি ৰখাৰ পাচত এই খড়্গসমূহ কেনে অৱস্থা আছে, তাৰ বাবে ৰাজ্য চৰকাৰে এখন পুনৰীক্ষণ কমিটীৰ জৰিয়তে পৰ্যবেক্ষণ কৰি আছে ।

rhino horn test in kohora
কঁহৰাত গঁড়ৰ খড়্গৰ পৰীক্ষা

Rhino Horn Verification And Genitic Sampling শীৰ্ষক এই কমিটীখনৰ দ্বাৰা এই খড়্গৰ পৰীক্ষণ সম্পন্ন কৰা হয় । বিগত দুদিন ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) কঁহৰাৰ অন্তৰ্গত বোকাখাত জ’নৰ অধীনত থকা এই গঁড়ৰ খড়্গসমূহ পৰীক্ষা কৰা বুলি জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ।

লগতে পঢ়ক: সঁচাকৈয়ে আলফাই মৃত্যদণ্ড বিহিলে নেকি অৰুণাভ গগৈক !

ইয়াৰ ভিতৰত 11 টা খড়্গ বোকাখাত আদালতৰ অধীনত থকা বুলি তেওঁ সদৰী কৰে । অসম চৰকাৰৰ মুখ্য বন সংৰক্ষক বিষয়া এম কে যাদৱৰ লগতে ফ্ৰেঞ্চিক এক্সপাৰ্ট, প্ৰকৃতি প্ৰেমী সংগঠনৰ মুঠ 35 জনীয়া উচ্চস্তৰীয় কমিটীৰ দ্বাৰা এই পৰীক্ষা কৰা হয় । ইতিমধ্যে ৰাজ্য চৰকাৰে অনিষ্ট হোৱা গঁড়ৰ খড়্গসমূহ সংৰক্ষণ নকৰি জ্বলাই দিয়াৰ এক ব্যৱস্থা হাতত লৈছে ৷

rhino horn test in kohora
কঁহৰাত গঁড়ৰ খড়্গৰ পৰীক্ষা

বিশেষকৈ চোৰাং চিকাৰী আৰু খড়্গৰ ব্যৱসায় ৰোধ কৰিবলৈ চৰকাৰে অপ্ৰয়োজনীয় খড়্গসমূহ জ্বলাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু চৰকাৰৰ এই সিদ্ধান্তক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে ৷

লগতে পঢ়ক: অসম ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ যুঁজাৰু বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.