ETV Bharat / state

APPSC paper leak: অৰুণাচল প্ৰদেশৰ লোকসেৱা আয়োগৰ কেলেংকাৰীৰ লগত জড়িত 42 জনক গ্ৰেপ্তাৰ - APPSC scam investigation

অব্যাহত আছে অৰুণাচল প্ৰদেশৰ লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত ৷ ইতিমধ্যেই এই ঘটনাৰ লগত জড়িত 42 জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (APPSC paper leak) ৷ বুধবাৰে অৰুণাচল প্ৰদেশৰ সকলো ছাত্ৰ সংগঠনৰ দাবী মানি লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে গৃহমন্ত্ৰী বামাং ফেলিক্সে ৷

APPSC paper leak
অৰুণাচল প্ৰদেশৰ লোকসেৱা আয়োগৰ কেলেংকাৰী
author img

By

Published : Mar 23, 2023, 3:58 PM IST

Updated : Mar 23, 2023, 7:00 PM IST

তেজপুৰ, 23 মাৰ্চ: অৰুণাচল প্ৰদেশৰ লোকসেৱা আয়োগৰ কেলেংকাৰী আৰু প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত বৰ্তমানলৈকে 42 জন লোকক গ্ৰেপ্তাৰ ৷ গ্ৰেপ্তাৰ হোৱা 42 জন লোকৰ ভিতৰত 22 জন হৈছে অৰুণাচল লোকসেৱা আয়োগৰ স্থায়ী কৰ্মচাৰী (APPSC scam arrest) ৷ বৰ্তমানেও সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে (APPSC paper leak) ৷

বুধবাৰে এই সমগ্ৰ বিষয় সন্দৰ্ভত ৰাজ্যখনৰ কেইবাটাও ছাত্ৰ সংগঠনৰ সৈতে আলোচনাত বহে গৃহমন্ত্ৰী বামাং ফেলিক্স (Home Minister Bamang Felix) ৷ বৈঠকৰ অন্তত ছাত্ৰ সংঠনসমূহৰ সকলো দাবী মানি লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷ ইফালে, 2014 চনৰ পৰা 2022 চনলৈ অৰুণাচল লোকসেৱা আয়োগৰ দায়িত্বত থকা অধ্যক্ষ, সচিব, সদস্য আৰু আন আন বিষয়াসকলক তদন্তৰ আঁওতালৈ আনিবলৈ নিৰ্দেশনা প্ৰদান কৰে গৃহমন্ত্ৰী বামাং ফেলিক্সে ৷ যিসকল লোক এই কেলেংকাৰীৰে জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে সকলো লোককেই তদন্ত কৰা হ’ব বুলিও মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে (APPSC scam update) ৷

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ কেলেংকাৰী বিচাৰ প্ৰক্ৰিয়াৰ বাবে অৰুণাচল চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশ অনুসৰি ফাষ্টট্ৰেক আদালত গঠন কৰা বুলিও সদৰী কৰে গৃহমন্ত্ৰী বামাং ফেলিক্সে ৷ ৰাইজক তদন্ত প্ৰক্ৰিয়াত সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় গৃহমন্ত্ৰীগৰাকীয়ে (APPSC scam investigation) ৷

উল্লেখ্য যে, বিগত ফেব্ৰুৱাৰী মাহত প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি ছাত্ৰ সংগঠনসমূহে সাব্যস্ত কৰা প্ৰতিবাদৰ মাজতে সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি ৷ নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিত 4 গৰাকী নিৰাপত্তাৰক্ষীৰ লোক আহত হোৱাৰ লগতে আহত হৈছিল 6 গৰাকী প্ৰতিবাদকাৰী ৷ যাৰ বাবে প্ৰথম অৱস্থাত বাতিল কৰিব লগা হৈছিল অৰুণাচল প্ৰদেশলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ ভ্ৰমণসূচী ৷ লগতে লোকসেৱা আয়োগৰ নৱ নিযুক্ত অধ্যক্ষ শান্তলু দয়ালৰো শপত গ্ৰহণ অনুষ্ঠান বাতিল কৰা হৈছিল (Arunachal paper leak case) ৷

লগতে পঢ়ক: Banned on buffalo import: অসমৰ মাইকী ম’হ ছত্তিশগড়লৈ আমদানি কৰাত নিষেধাজ্ঞা ছত্তিশগড় উচ্চ ন্য়ায়ালয়ৰ

Last Updated : Mar 23, 2023, 7:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.