ETV Bharat / state

COVID-19: তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি ৪১ জন কাৰাবন্দীক

author img

By

Published : Mar 28, 2020, 9:01 PM IST

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি ৪১ গৰাকী কাৰাবন্দী ৷ কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী মুক্তি দিয়া হয় কাৰাবন্দীকেইজনক ৷

COVID-19
COVID-19: তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি ৪১ জন কাৰাবন্দী

তেজপুৰ, 28 মাৰ্চঃ শনিবাৰে তেজপুৰ জিলাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি দিয়া হয় ৪১ গৰাকী কাৰাবন্দীক ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুক্তি দিয়া হয় কাৰাবন্দীকেইজনক ৷ প্ৰয়োজনীয়তকৈ অধিক কাৰাবন্দী থকা বাবেই কৰ'ণাৰ ভাইৰাছৰ সংক্ৰমণৰ ৰোধৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে তেজপুৰ জিলা কাৰাগাৰৰ অধীক্ষক মৃন্ময় ডাউকাই ৷ লগতে মৃন্ময় ডাউকাই কয়, এই সমূহ কাৰাবন্দী বিভিন্ন সৰু গোচৰত বন্দী হৈ আছিল, ইয়াৰে প্ৰায় ১৫ জন তেজপুৰ সদৰ থানাৰ অন্তৰ্গত ৷ ইতিমধ্যে তেজপুৰ সদৰ আৰক্ষীক এই কাৰাবন্দীসকলক গতাই দিয়া হৈছে বুলি মন্তব্য কৰে মৃন্ময় ডাউকাই ৷

আনহাতে, চিকিৎসকৰ পৰামৰ্শ অনুসৰি,তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমানলৈকে নতুনকৈ অহা ২৩ গৰাকী কয়দীক সম্পূৰ্ণ ১৪ দিনৰ বাবে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে৷

আৰু পঢ়কঃ কোভিড-19 : তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰৰ প্ৰসংশনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.