ETV Bharat / state

Reservation for Tea Tribes : ৰাজ্যৰ চাহ বাগিচাৰ লোকৰ বাবে ৪ শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ; মুখ্যমন্ত্ৰী

অসমৰ চাহ বাগিচাৰ লোকৰ বাবে ৪ শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে । এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

Reservation for Tea Tribes
Reservation for Tea Tribes
author img

By

Published : Jun 22, 2023, 2:05 PM IST

Updated : Jun 22, 2023, 2:33 PM IST

তেজপুৰ, ২২ জুন : বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অৰুণ চাহ বাগিচাত এখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । বিদ্যালয় উদ্বোধন কৰি এক ৰাজহুৱা সভাত দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ চাহ বাগিচাৰ লোকৰ বাবে ৪ শতাংশ চৰকাৰী চাকৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে । আনহাতে, বৰ্তমান চৰকাৰে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়তো ৪ শতাংশ আসন সংৰক্ষণ কৰাৰ কথা সদৰী কৰে ।

ইয়াৰ উপৰি মেডিকেল আৰু ইঞ্জিনীয়াৰিঙৰ ক্ষেত্ৰত মেধাৰ ভিত্তিত নামভৰ্তিৰ সুবিধাৰ উপৰি সংৰক্ষণৰো ব্যৱস্থা থাকিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলে বহু সময়ত উচ্চ শিক্ষাৰ বাবে সুবিধা লাভ নকৰে । সেয়ে বৰ্তমান চৰকাৰে বিগত বৰ্ষত চাহ বাগিচাৰ ভিতৰত ১১৯ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু যোৱা বছৰ ১০০ খন বিদ্যালয় উদ্বোধন কৰা হয় ।

উল্লেখ্য, বৃহস্পতিবাৰে শোণিতপুৰ জিলাত ৬ খন চাহ বাগিচাত উদ্বোধন কৰিব এনে আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় । তাৰ ভিতৰত আছে অৰুণ চাহ বাগিচা, আদাবাৰী চাহ বাগিচা, সোণাবিল চাহ বাগিচা, পাভৈ, জিনজিয়া আৰু কেটেলা চাহ বাগিচা । তেওঁ কয় যে এই আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়সমূহত পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ ছাত্ৰ-ছাত্ৰীসকলে যাতে দূৰলৈ শিক্ষাগ্ৰহণৰ বাবে যোৱাৰ প্ৰয়োজন নহয় তাৰবাবে এই পদক্ষেপ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বৰ্তমান চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মেডিকেল কলেজ আৰু ইঞ্জিনীয়াৰিঙত পঢ়িবলৈ মেধাৰ ভিত্তিত সুবিধা লাভৰ উপৰি তেওঁলোকৰ বাবে ৪ শতাংশ আসন সংৰক্ষণ কৰাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । আনহাতে, চাহ বাগিচাত কাম কৰাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগিব বুলি তেওঁ বাগিচাৰ লোকসকলক আহ্বান জনায় । তেতিয়াহে এই বিদ্যালয়সমূহ স্থাপনৰ লক্ষ্য পূৰণ হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক :Student died in TU : তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

Last Updated : Jun 22, 2023, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.