ETV Bharat / state

ক’ভিড আক্ৰান্ত হৈ শোণিতপুৰত 4 জনৰ মৃত্যু

author img

By

Published : May 7, 2021, 10:52 PM IST

শোণিতপুৰত দ্ৰুত সংক্ৰমণ ক’ভিড-19ৰ ৷ জিলাখনত এদিনতে ক’ভিড-19ত আক্ৰান্ত হৈছে 178 গৰাকীকৈ লোক ৷ শুকুৰবাৰৰ দিনটোত জিলাখনত ক‘ভিড আক্ৰান্ত হৈ 4 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ৷ এইপৰ্যন্ত জিলাখনত মুঠ ৮৯৫ গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হৈছে ৷ মৃতকৰ সংখ্যা 41 গৰাকীলৈ বৃদ্ধি পালে ৷

4-people-died-in-covid-19-in-sonitpur-friday
ক’ভিড আক্ৰান্ত হৈ শোণিতপুৰত 4 জনৰ মৃত্যু

তেজপুৰ ,৭ মে': ক্ৰমাৎ অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19ৰ সংক্ৰমণ ৷ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্ত হৈ দৈনিক মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৷ শোণিতপুৰ জিলাত শুকুৰবাৰৰ দিনটোত 178 গৰাকী লোক নতুনকৈ ক’ভিড-19ত আক্ৰান্ত হৈছে ৷ মৃত্যু হৈছে 4 গৰাকীকৈ লোক ৷ উল্লেখযোগ্য যে, বৃস্পতিবাৰে নিশা তেজপুৰ চহৰৰ দৰ্জিপত্তিৰ আব্দুল কাদিৰ (৫৮) নামৰ এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে তেজপুৰ জি চি ৰোডৰ জাহানাৰ বেগম (৪৮), হেমন্ত বৰা (৬০) আৰু ভৱকান্ত বৰা (৭৫) আন তিনি গৰাকী লোক তেজপুৰ সুখদা গেট হাস্পতালত কৰ’ণাত অক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ ইয়াকে লৈ শোণিতপুৰত কৰ’ণাৰ প্ৰথম আৰু দ্বিতীয় ঢৌত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা 41 গৰাকীলৈ বৃদ্ধি পালে ৷

ইপিনে, শুকুৰবাৰে তেজপুৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ মূল শাখাত 3 মে’ত বিহাৰৰ পৰা আহি কৰ্মত যোগদান কৰা দিৱেশ আনন্দ নামৰ কৰ্মচাৰী এজনৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে ৷ লগে লগে শোণিতপুৰৰ জিলা উপায়ুক্তৰ নিৰ্দেশ মতে বেংকটোৰ শাখাৰ বাকী সকল কৰ্মচাৰীৰ ক’ভিড পৰীক্ষা কৰাৰ লগতে শুকুৰবাৰৰ পৰা বেংকৰ নিয়মীয়া সকলো কাম কাজ বন্ধ কৰি দিয়ে ৷ মন কৰিবলগীয়া যে, এই পৰ্যন্ত শোণিতপুৰ জিলাখনত মুঠ ৮৯৫ গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক : খিলঞ্জীয়াৰ মাজত ভেটি উচন হ'ল নেকি কংগ্ৰেছৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.