তেজপুৰ,২৮ ডিচেম্বৰ : ৰাজ্যত গৰু ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ পৰিছে (Cattle syndicate in Assam)। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে গৰু, ম'হ আদি অবৈধভাৱে সৰবৰাহ হৈ আছে । ইফালে আৰক্ষী আৰু প্ৰশাসনো এই ছিণ্ডিকেট চক্ৰটোৰ বিৰুদ্ধে কঠোৰ হৈছে । বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে বহু চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
কিন্তু আৰক্ষীৰ চকুত ধূলি দি চক্ৰটোৱে গৰু সৰবৰাহৰ ক্ষেত্ৰত বহু নতুন নতুন কু-পন্থা হাতত লোৱা দেখা গৈছে । কেতিয়াবা যদি নৈশ বাছৰ ভিতৰত, কেতিয়াবা কণ্টেইনাৰ বাহনৰ ভিতৰত লুকাই গৰু সৰবৰাহ কৰিছে চক্ৰটোৱে । এইবাৰ শোণিতপুৰ জিলাত আন এক পন্থা ল'লে ছিণ্ডিকেট চক্ৰটোৱে ।
বিলাসী বাহনেৰে এইবাৰ গৰুৰ চোৰাং বেহা চলাইছে চক্ৰটোৱে । বুধবাৰে এখন বিলাসী বাহনৰ ভিতৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৪ টাকৈ গৰু (Cattle seized from luxury car)। অবৈধভাৱে বাহনৰখনৰ ভিতৰত গৰুকেইটা সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল গৰু ছিণ্ডিকেট চক্ৰটোৱে । কিন্তু এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বৰঘাট আৰক্ষীয়ে পুৱা AS-04-N-9029 নম্বৰৰ বাহনখনৰ পৰা উদ্ধাৰ কৰে গৰুকেইটা ।
বাহনখন নগাঁও অভিমুখে গৈ থকা অৱস্থাত বৰঘাট আৰক্ষীয়ে তালাচী চলাই গৰুকেইটা উদ্ধাৰ কৰে । ইয়াৰ উপৰিও গৰুৰ অবৈধ সৰবৰাহত জড়িত দুজন লোককো আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Cattle smuggler arrested in Tezpur)। আৰক্ষীৰ জালত পৰা দুই সৰবৰাহকাৰী ক্ৰমে তেজপুৰ পাচমাইলৰ আচিবুল হুছেইন আৰু নগাঁও চামগুৰিৰ মাজিদুল হক । যাত্ৰীবাহী বাহনৰ জৰিয়তে গৰু সৰবৰাহ কৰাটো কোনো নতুন কথা নহয় যদিও এনেদৰে এখন বিলাসী বাহনত গৰু সৰবৰাহ কৰাত আচৰিত হৈ পৰিছে আৰক্ষী লগতে স্থানীয় লোক ।
জানিব পৰা মতে পিছফালৰ আসনবোৰ উঠাই চাৰিওটা গৰু লৈ তেজপুৰৰ পৰা নগাঁও দিশে গৈ আছিল বিলাসী বাহনখন । আৰক্ষীয়ে তেজপুৰৰ ভোমোৰাগুৰিত এক তালাচী চকী স্থাপন কৰে আৰু উক্ত তালাচীৰ মাজতে গৰুভৰ্তি বাহনখন জব্দ হয় (Cow loaded luxury car seized)। সম্প্ৰতি এই ঘটনাক লৈ তেজপুৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।
ইয়াৰ পূৰ্বে আৰক্ষীয়ে তেজপুৰত এখন বাছৰ ভিতৰত কেইবাটাও গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । তেজপুৰ কচাৰিগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গৰু কঢ়িয়াই নিয়ে গাড়ী আৰু ১৬ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।
লগতে পঢ়ক :Robbers arrested in Kamrup: কামৰূপ আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত