ETV Bharat / state

জীয়া ভৰলীৰ খহনীয়া ৰোধ কৰিবলৈ কি ব্যৱস্থা ল'ব জনপ্ৰতিনিধিয়ে ? - ৰঙাপাৰ সমষ্টিৰ উপ-নিৰ্বাচন

উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিশ্ৰুতিৰ জোলোঙা লৈ প্ৰাৰ্থী আৰু নেতা সকল উপস্থিত হৈছেগৈ ৰঙাপৰাত ৷ কিন্তু জীয়াভৰলীৰ খহনীয়াই এতিয়াও জীয়াতু ভোগাইছে ৰঙাপৰাবাসী ৰাইজক ৷ জীয়া ভৰলী নদীৰ খহনীয়াত জাহ গৈছে হাজাৰৰ অধিক পৰিয়ালৰ বাসগৃহ ।

ৰঙাপৰাত জীয়াভৰলী নদীৰ ব্যাপক খহনীয়া
author img

By

Published : Oct 14, 2019, 11:34 PM IST

তেজপুৰ , ১৪ অক্টোবৰঃ ৰঙাপৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ ঢৌ তুংগত । ভোটাৰৰ ওচৰত নতুন নতুন আঁচনি লৈ উপস্থিত হ'ল নেতা মন্ত্ৰী প্ৰাৰ্থী সকলো ৷ উপ নিৰ্বাচনৰ মুঠ 4 টা সমষ্টিৰ ভিতৰতে অন্যতম হিচাপে পৰিগণিত হৈছে ৰঙাপাৰ সমষ্টি ৷ কিন্তু ৰঙাপৰা সমষ্টিৰ ৰাজগড়, দিকৰাই জান অঞ্চলত বিগত সময়চোৱাত খহনীয়াই জ্বলা কলা খুৱাইছে এই সকল লোকক ৷ জীয়া ভৰলী নদীৰ খহনীয়াত জাহ গৈছে হাজাৰৰো অধিক পৰিয়ালৰ বাসগৃহ ।

লগতে পঢ়কঃ এ আই ইউ ডি এফৰ কাৰ্যালয়ৰ ভিতৰত প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানে

Intro:তেজপুৰ,১৪ অক্টোবৰ: ৰঙাপাৰ সমষ্টিৰ উপ নিৰ্বাচনৰ ঢৌ তুংগত । ভোটাৰৰ ওচৰত ন ন আঁচনি লৈ উপস্থিত হল নেতা মন্ত্ৰী প্ৰাৰ্থী সকলো । উপ নিৰ্বাচন ৰ মুঠ 4 টা সমষ্টিৰ ভিতৰতে অন্যতম ৰঙাপাৰ সমষ্টি হিচাপে পৰিগণিত হৈছে । কিন্তু সৰ্বসাধাৰণ ৰাইজৰ দুখ কোলাই পাচিয়ে নধৰা । জীয়া ভৰলী নদীৰ খহনীয়া ত জাহ গৈছে হাজাৰৰ অধিক পৰিয়াল । আমাৰ গ্ৰাউন্ড জিৰ ৰেপৰ্ট ।

2016 চনৰ নিৰ্বাচন ত বিজেপি দলৰ পল্লব লোচল দাসে 51597 টা ভোট ত জয় লাভ কৰিছিল আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী সমষ্টিৰ দীৰ্ঘদিনীয়া বিধায়ক ভিমানন্দ তাঁতী য়ে লাভ কৰিছিল 28606 টা ভোটত ।সমষ্টিৰ টোত মুঠ ভোটাৰ 136999 টা ।

Body:ৰঙাপাৰা সমষ্টিৰ এই অঞ্চলৰ ৰাজগড়, দিকৰাই জান, অঞ্চলত বিগত সময়চোৱাত সৰ্বশ্ৰান্ত কৰা খহনীয়াই এই সকল লোকক হাৰাশাস্তি কৰি তুলিছে । নিজের ঘৰবাৰী নদীৰ বুকুত জাহ গৈছে ।কিন্তু চৰকাৰ তথা জিলা প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেইয়া ফুটুকাৰ ফেন হে ।
অলপতে তেজপুৰৰ সাংসদ তথা সমষ্টিৰ বিধায়ক পল্লব লোচন দাসে এক নতুন আঁচনি প্ৰস্তুত কৰিছে যদিও সমাগত উপ নিৰ্বাচনৰ বাবে কোনো পদক্ষেপ লবলৈ পৰা নাই ।
চাওক আমাৰ এই প্ৰতিবেদন ।
DL ।

Conclusion:DL

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৪/১০/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.