ৰঙাপাৰা,১৯ জুন: বৰ্তমান সময়ত শোণিতপুৰ জিলাত কোৰোণাত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰ,চীনৰ সৈতে ভাৰতবৰ্ষৰ সংঘাতে চূড়ান্ত পৰ্যায় পোৱাৰ সময়তে ৰঙা চীনক প্ৰতিৰোধ কৰিবলৈ ১৯৬২ চনতে স্থাপন হোৱা উত্তৰ–পূবৰ সৰ্ববৃহৎ সেনা ছাউনীৰূপে খ্যাত মিছামাৰী সেনা ছাউনীত থকা কোৱাৰেইণ্টাইন চেণ্টাৰত থকা ১৮০ গৰাকী সেনাৰ ভিতৰত ২৫জনেই ক'ৰণাত আক্ৰান্ত হোৱা বুলি প্ৰকাশ পোৱাৰ পিছত সেনা ছাউনীৰ ভিতৰত থকা হাজাৰ হাজাৰ ভাৰতীয় সেনা তথা সেনা পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ ।
![25 covid_19 positive case detected in misamari army camp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-rangapara-19june-801-802-visbytestill-rangaparanews-pankajnath-id-asc10041_19062020184326_1906f_1592572406_710.jpg)
তদুপৰি ভাৰতীয় সুৰক্ষা বাহিনীৰ অন্যতম শক্তিস্থলৰূপে পৰিগণিত হোৱা এই সৰ্ববৃহৎ সেনা ছাউনীৰ দাঁতি কাষৰীয়া গাঁওসমূহৰ সৰ্বসাধাৰণ ৰাইজৰ মাজতো সম্প্ৰতি আতংকই বিৰাজ কৰাৰ লগতে সুৰক্ষাৰ প্ৰতিও কঢ়িয়াই আনিছে ভাবুকি ৷
![25 covid_19 positive case detected in misamari army camp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-rangapara-19june-801-802-visbytestill-rangaparanews-pankajnath-id-asc10041_19062020184326_1906f_1592572406_535.jpg)
উল্লেখযোগ্য যে সেনা ছাউনীৰ লগতে মিছামাৰী অঞ্চলত এতিয়ালৈকে বহিঃ ৰাজ্যৰ পৰা অহা বহু পুৰুষ-মহিলা আৰু শিশু ইতিমধ্যেই ক'ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হ'ব লগা হৈছে ৷ সেয়ে এতিয়া সেনাৰ লগতে মিছামৰীয়াবাসী ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰ৷ ইতিমধ্যে জিলা প্ৰশাসনে সমগ্ৰ এলেকাটো কোৰোণাৰ হটস্পট হিচাপে চিহ্নিত কৰি অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে।