ETV Bharat / state

Sonitpur district Sahitya Sabha: মিছামাৰীত 6 টা ভাষাত পৰিৱেশন অসম সংগীত - মিছামাৰীত 6 টা ভাষাত পৰিৱেশন অসম সংগীত

সাহিত্যানুৰাগীৰে ভৰিছে মিছামাৰীৰ বাকৰি ৷ কিয়নো আজিৰে পৰা আৰম্ভ হৈছে শোণিতপুৰ জিলা সাহিত্য সভাৰ 23 সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন (23rd session of Sonitpur district Sahitya Sabha) ৷ ফলত অধিৱেশনথলীত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ আনকি অধিৱেশনৰ প্ৰথম দিনাই মিছামাৰীত 6 টা ভাষাত পৰিৱেশন কৰা হয় অসমৰ জাতীয় সংগীত ৷

23rd session of  Sonitpur district Sahitya Sabha
উখল-মাখল মিছামাৰীৰ বাকৰি
author img

By

Published : Jan 7, 2023, 5:36 PM IST

উখল-মাখল মিছামাৰীৰ বাকৰি

ৰঙাপৰা, 7 জানুৱাৰী : উদুলি-মুদুলি শোণিতপুৰ জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি মিছামাৰীৰ আঞ্চলিক বিহু বাকৰি ৷ কিয়নো শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শোণিতপুৰ জিলা সাহিত্য সভাৰ 23 সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন (23rd session of Sonitpur district Sahitya Sabha) । এই অধিৱেশনৰ প্ৰথম দিনাই বহু জাতি-জনগোষ্ঠী লোকৰ সমাৱেশ হোৱা পৰিলক্ষিত হয় ৷

মিছামাৰী শাখা সাহিত্য সভাৰ সৌজন্যত আৰু মিছামাৰীবাসী ৰাইজৰ আতিথ্যত প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা প্ৰায় 9 বজাত 24 খন শাখা সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হয় ৷ তাৰ পিচতেই 6 টা ভাষাত পৰিৱেশন কৰা হয় অসম জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ । স্থানীয় শিল্পী যতীন মুছাহাৰীৰ পৰিচালনাত অসমীয়া, বড়ো, ৰাভা, নেপালী, বাংলা, মিচিং আৰু চাহ জনগোষ্ঠী ভাষাত পৰিৱেশন কৰা হয় অসম সংগীতটি ।

অধিৱেশনৰ প্ৰথম দিনাই বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়থলিত পৰিণত হয় মিছামাৰীত অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা সাহিত্য সভাৰ অধিৱেশনৰ বাকৰি (1st day of Sonitpur district Sahitya Sabha) । অধিৱেশনৰ কাৰ্যক্ৰমনিকা অনুসৰি, শনিবাৰে পুৱা প্ৰায় 9:15 বজাত জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথে স্মৃতি তৰ্পণ কৰে ৷

লগতে 10 বজাত ঠেলামৰা ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰাৰ উপৰিও 10:30 বজাত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নীলকান্ত কলিতাৰ দ্বাৰা তৰ্ক প্ৰতিযোগিতাখনিৰ উদ্বোধন কৰা হয় । নৱম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায় পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাৰ মূল বিষয় আছিল- ‘‘মাতৃভাষা মাধ্যমেই হৈছে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ সৰ্বোৎকৃষ্ট মাধ্যম’’ ৷

দিনৰ 11 বজাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে মুকলি কৰে মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মীৰা শৰ্মা ভট্টাচাৰ্যই । কাইলৈ অৰ্থাৎ দেওবাৰে অধিৱেশনৰ অন্তিম দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংঘালে ৷

দেওবাৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংঘালে উদ্বোধন কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাবে অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ড৹ সূৰ্য হাজৰিকা, বিশিষ্ট অতিথি হিচাবে অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত প্ৰধান সম্পাদক উপেন্দ্ৰজিত শৰ্মা, প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱী, সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰা, সাহিত্য অকাডেমী বঁটা প্ৰাপক সঞ্জীৱ উপাধ্যায়, সন্মানীয় অতিথি হিচাবে শোণিতপুৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ কুমাৰ নাথ উপস্থিত থাকিব ।

উল্লেখ্য যে, দুদিনীয়া এই অধিৱেশনত জিলাখন প্ৰায় 5 হাজাৰ সাহিত্যানুৰাগীৰ সমাগম ঘটাৰ লগতে কেইবাগৰাকীও সাহিত্যিক তথা বুদ্ধিজীৱিয়ে অংশ ল’ব বুলি আশা কৰিছে আয়োজকসকলে ।

লগতে পঢ়ক : Separate Kamatapur state : গঠন হ’ব নেকি কমতাপুৰ ৰাজ্য ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.