ETV Bharat / state

Manipur Violence: মণিপুৰৰ কংভাই অঞ্চলত সেনা আৰু আৰ এ এফৰ গুলীচালনা; আহত 20 জন

চুৰাচান্দপুৰলৈ সামূহিক সমাধিস্থললৈ যোৱাত ৰাইজক বাধা দিবলৈ কন্দুৱা গেছ আৰু শূন্য়লৈ গুলী নিক্ষেপ সেনা আৰু ৰেপিডি এক্সন বাহিনীৰ ৷ এই ঘটনাত প্ৰায় 20 লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷

Manipur Violence
Manipur Violence
author img

By

Published : Aug 3, 2023, 4:33 PM IST

Manipur Violence
ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ ফৰামে কেন্দ্ৰীয় গৃহমন্ত্ৰী লৈ প্ৰেৰণ কৰা পত্ৰ

তেজপুৰ, 3 আগষ্ট: পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ ৷ বৃস্পতিবাৰে বিষ্ণুপুৰ জিলাৰ কংভাই অঞ্চলত পুনৰ সংঘটিত হ’ল হিংসাত্মক ঘটনা ৷ তথ্য অনুসৰি অঞ্চলটোত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷

সূত্ৰ অনুসৰি সেনা আৰু ৰেপিডি এক্সন বাহিনীৰ লগত বিষ্ণুপুৰ অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোক চুৰাচান্দপুৰলৈ সামূহিক সমাধিস্থললৈ যোৱাত বাধা দিয়াৰ বাবে এই সংঘৰ্ষ হয় ৷ চৰকাৰী সূত্ৰত প্ৰকাশ যে এই ঘটনাত সেনা আৰু ৰেপিডি এক্সন বাহিনীয়ে কন্দুৱা গেছ আৰু শূন্যলৈ গুলীচালনাৰ ফলত প্ৰায় 20 জন লোক আহত হয় ৷

ইয়াৰ পিচত ইম্ফল ইষ্ট আৰু ইম্ফল ৱেষ্ট জিলাত প্ৰশাসনে পূৰ্বৰ সান্ধ্য আইন শিথিল উঠাই দিয়ে আৰু নতুনকৈ সান্ধ্য আইন অনিৰ্দিষ্ট কাললৈ জাৰি কৰিছে । ফলস্বৰূপে মণিপুৰৰ গোষ্ঠীগত হিংসাত নিহত কুকি-জো লোকৰ পৰিকল্পিত গণ সমাধিস্থল স্থবিৰ হৈ পৰে ।

উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে পুৱা চুৰাচান্দপুৰ জিলাৰ প্ৰস্তাৱিত সমাধিস্থলীত যথাৰ্থ অৱস্থা বজাই ৰখাৰ নিৰ্দেশ দিয়াৰ পিচত বিষ্ণুপুৰৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাৰ হাওলাই খোপী গাঁৱৰ সেই স্থানত 35 জন লোকৰ সমাধিস্থল পিছুৱাই দিয়াৰ কথাও এক এপেক্স ট্ৰাইবেল বডি আইটিএলএফে প্ৰকাশ কৰে । সেনা বাহিনীৰ আৰু কেন্দ্ৰীয় ৰেপিডি এক্সন প্ৰটেকশ্যন ফৰ্চৰ দ্বাৰা বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ সংযোগী পথত এক বেৰীকেডৰ ব্যৱস্থা কৰাৰ ফলত ঘটনাৰ সূত্ৰপাত হয় ৷

উল্লেখযোগ্য যে ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ ফৰামে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰ প্ৰেৰণ কৰি চাৰিটা দাবী উল্লেখ কৰে । ফৰামৰ সভাপতি পাগিন হোকিপ (Pagin Haopkip) আৰু সম্পাদক মোআন তমবিং (Muan Tombing) য়ে কয় যে কুকি-জো জনগোষ্ঠীৰ শ্বহীদসকলৰ ৰাজহুৱা সমাধি পুনৰ পাঁচ দিন অপেক্ষা কৰিবলৈ দিয়াৰ বাবে ধন্যবাদ কিন্তু তেওঁলোকৰ সমাধিস্থান চুৰাচান্দপুৰৰ এছ বলজাং S-Boljang অঞ্চলৰ দাগ নম্বৰ 2022, 2025, 2161 আৰু 2162 ৰ 98 ট্ৰবুং ঠাইত হ’ব লাগিব ।

দ্বিতীয়তে ৰাজহুৱা সমাধি অনুষ্ঠিত কৰাৰ সময়ত মেইটেই ৰাজ্যিক সুৰক্ষা বাহিনী পৰিহাৰ কৰিব লাগিব ৷ তৃতীয়তে ইম্ফলৰ চিকিৎসালয়ত থকা কুকি-জো গোষ্ঠীৰ মৃতদেহসমূহ চুৰাচান্দপুৰৰ লামকা লৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু তেওঁলোকৰ ৰাজনৈতিক দাবী মণিপুৰ সম্পূৰ্ণ পৃথক কৰিব লাগে ৷ পূৰ্বতে তেওঁলোকে কুকিলেণ্ডৰ দাবী জনাইছিল ।

লগতে পঢ়ক: Kuki Mass cremation : কুকি সংগঠনৰ ৰাজহুৱা সমাধি কাৰ্যসূচী বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.