ETV Bharat / state

তেজপুৰতো আৰম্ভ হ’ল ১৮ ৰ উৰ্ধৰ ব্যক্তিৰ ক'ভিডৰ টীকাকৰণ

author img

By

Published : May 7, 2021, 6:58 PM IST

শুকুৰবাৰৰ পৰা শোণিতপুৰ জিলাতো আৰম্ভ হৈছে ১৮ বছৰৰ উৰ্দ্ধৰ লোকসকলৰ টীকাকৰণ প্ৰক্ৰিয়া । ইতিমধ্যে অনলাইনযোগে নাম পঞ্জীয়ন কৰা লোক সকলৰ ২,০০০ গৰাকীক শুকুৰবাৰে তেজপুৰৰ ৪ টা টীকাকৰণ কেন্দ্ৰৰ লগতে জিলাখনৰ ১১ টা টীকাকৰণ কেন্দ্ৰত ১৮-৪৪ বছৰৰ লোকসকলক ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হয় ।

Tezpur Vaccine
তেজপুৰতো আৰম্ভ হ’ল ১৮ ৰ উৰ্ধৰ ব্যক্তিৰ ক'ভিডৰ টীকাকৰণ

তেজপুৰ, ৭ মে': ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে ১মে'ৰ পৰা দেশৰ ১৮-৪৪ বছৰৰ লোকসকলক ক'ভিড-১৯ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ পিছতে শুকুৰবাৰৰ পৰা শোণিতপুৰ জিলাতো আৰম্ভ হৈছে ১৮বছৰৰ উৰ্দ্ধৰ লোকসকলৰ টীকাকৰণ প্ৰক্ৰিয়া । ইতিমধ্যে অনলাইনযোগে নাম পঞ্জীয়ন কৰা লোকসকলৰ ২,০০০ গৰাকীক শুকুৰবাৰে তেজপুৰৰ ৪ টা টীকাকৰণ কেন্দ্ৰৰ লগতে জিলাখনৰ ১১ টা টীকাকৰণ কেন্দ্ৰত ১৮-৪৪ বছৰৰ লোকসকলক ক'ভিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হয় ।

তেজপুৰ আৰু দৰং মহাবিদ্যালয়, ৰাষ্ট্ৰভাষা উচ্চ মাধ্যমিক বিদ্যালয় আৰু ডন' বস্ক হাইস্কুলত ক'ভিড প্ৰতিষেধক গ্ৰহণৰ বাবে অহা লোকসকলৰ মাজত উৎসাহ পৰিলক্ষিত হয় । তেজপুৰত টীকাকৰণৰ চাৰিওটা কেন্দ্ৰত সকলোৱে ক'ভিডৰ স্বাস্থ্য বিধি মানি আৰু সামাজিক দূৰত্ব মানি শাৰী পাতি ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰে ।

লগতে পঢ়ক: তিনিচুকীয়াৰ আটকাধীন আবকাৰী অধীক্ষকৰ ভাড়াঘৰত তালাচী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.