ETV Bharat / state

শোণিতপুৰত ১৪৪ ধাৰা জাৰি - শোণিতপুৰ জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা

শোণিতপুৰ জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা ৷ শোণিতপুৰ জিলাৰ আইন শৃংখলাজনিত পৰিস্থিতি অটুট ৰখাৰ উদ্দেশ্যে তৎকালীন ভাৱে বলৱৎ হোৱাকৈ তথা পৰৱৰ্তী আদেশ জাৰি নোহোৱালৈকে ১৪৪ ধাৰা আৰোপ কৰা হৈছে ৷

শোণিতপুৰত ১৪৪ ধাৰা জাৰি
শোণিতপুৰত ১৪৪ ধাৰা জাৰি
author img

By

Published : Jun 16, 2022, 9:28 PM IST

তেজপুৰ, 16 জুন: সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ কৰি দেশৰ কোনো কোনো ঠাইত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলাৰ আইন শৃংখলাজনিত পৰিস্থিতি অটুট ৰখাৰ উদ্দেশ্যে জিলাখনত জাৰি কৰা হৈছে 144 ধাৰা ৷ শোণিতপুৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা জাৰি কৰিছে (Section 144 imposed in Sonitpur district) ।

এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক লোকৰ সমাবেশ; কোনোধৰণৰ মাৰণাস্ত্ৰ ৰাজহুৱা স্থান, খেলপথাৰ, ছবিগৃহ, প্ৰেক্ষাগৃহলৈ কঢ়িওৱা; সংশ্লিষ্ট কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা, অনুশীলন, শোভাযাত্ৰা, শ্লোগান দিয়াৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ লগতে লাউডস্পীকাৰ উচ্চস্বৰত ব্যৱহাৰ কৰি শব্দ প্ৰদূষণ কৰা ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

এই আদেশ সমগ্ৰ শোণিতপুৰ জিলাত তৎকালীন ভাৱে বলৱৎ হোৱাকৈ তথা পৰৱৰ্তী আদেশ জাৰি নোহোৱালৈকে বাহাল থাকিব ।

লগতে পঢ়ক: অসম চুক্তি ৰূপায়ণ উপ-সমিতিৰ চতুৰ্থলানি বৈঠক: ৬ নং দফা সন্দৰ্ভত আলোচনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.