তেজপুৰ,৭ এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে মহামাৰী ক'ভিড-19 ৰ সংক্ৰমণ । বিগত দুটা দিনত জিলাখনৰ মুঠ ১৩ জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে ৷ এই তথ্য সদৰী কৰিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ।
মহামাৰী কৰ’ণাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যত । যোৱা ৪ এপ্ৰিললৈ এই সংক্ৰমণ বৃদ্ধি হোৱা নাছিল ৷ কিন্ত ৰাজ্যৰ বাহিৰত থকা কিছু শিক্ষাৰ্থী ঘৰলৈ ঘুৰি অহাৰ বাবে আৰু ৰাজ্যৰ বাহিৰত ফুৰিবলৈ যোৱা একাংশ লোক ঘৰলৈ ঘুৰি আহি পৰীক্ষা কৰাত দেহত ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে । বিগত দুটা দিনত জিলাখনৰ মুঠ ১৩ জন লোক এই মহামাৰীত আক্ৰান্ত হৈছে ।
উল্লেখ্য যে, আক্ৰান্তসকলৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰও আছে । কৰ’ণাত আক্ৰান্ত হোৱা এই লোকসকলৰ বাবে ডেকাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে মানবেন্দ্ৰ প্ৰতাপ সিঙে ৷ সিঙে এই মহামাৰীৰ সজাগতা বৃদ্ধি আৰু প্ৰতিৰোধ কৰিবলৈ ৪৫ বছৰৰ উৰ্ধৰ সকলো লোককে ক‘ভিড-১৯ ৰ প্ৰতিষেধক ল’বলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক: 28 বছৰৰ পাচত ভোটাধিকাৰ সাব্যস্ত কৰিলে আচমা খাতুনে